Local, Vocal, Global

পুনৰ বিতৰ্কত এছ আই জোনমণি ৰাভা

নিউজ ডেস্ক, ১১ মে’- নগাঁও আৰক্ষী থানাৰ SI জোনমণি ৰাভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে। ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে পূৰ্বৰে পৰাই জ্ঞাত আছিল জোনমণি ৰাভা।
ইতিমধ্যেই ৰাণা পগাগক নিজেই গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল জোনমণিয়ে। এইবাৰ জোনমণিৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ আহ্বান ভুক্তভোগীৰ। জোনমণিৰ উপস্থিতিতে ৰাণাই কমিছন লোৱাৰ অভিযোগ ভুক্তভোগীৰ।

১৮ জুনত ঘনকান্ত শইকীয়াই দিছিল ৩ লাখ ৯৬ হাজাৰ টকা। ৬ জুনৰ পৰা ১২ ডিচেম্বৰলৈ ৮টা কিস্তিত ধন দিছিল অজিত বৰাই। সৰ্বমুঠ ১৩ লাখ ৭২ হাজাৰ টকা দিয়াৰ দাবী ভুক্তভোগী অজিত বৰাৰ। গড়মূৰ আৰক্ষী থানাত মঙলবাৰে এজাহাৰ দাখিল ভুক্তভোগীৰ। জোনমণিৰ ওপৰত বিশ্বাস কৰিয়েই টকা দিছিল বুলি অভিযোগ গুচৰীয়াৰ।