Shri Rajesh Kumar Singh takes charge as Defense Secretary: দেশৰ নতুন প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ আই এ এছ বিষয়া ৰাজেশ কুমাৰ সিঙৰ
নিউজ ডেস্ক,২নৱেম্বৰ : দেশৰ নতুন প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে আই এ এছ বিষয়া (IAS) ৰাজেশ কুমাৰ সিঙে (Rajesh Kumar Singh)। শুকুৰবাৰে নতুন দিল্লীৰ ছাউথ ব্লকত নিজৰ দায়িত্ব গ্ৰহণ কৰে জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ কুমাৰ সিঙে(Shri Rajesh Kumar Singh Assumes The Office Of Defence Secretary)।
উল্লেখ্য যে, কেৰালা কেডাৰৰ ১৯৮৯ বেটছৰ এগৰাকী আই এ এছ বিষয়া সিঙে যোৱা ২০ আগষ্টত বিশেষ কৰ্তব্যৰত বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল ।অন্ধ্ৰপ্ৰদেশ কেডাৰৰ ১৯৮৮ বেটছৰ আই এ এছ বিষয়া গিৰিধৰ আৰামেৰ স্থানত তেওঁ এই পদবীত অধিষ্ঠিত হয়। ৩১ অক্টোবৰত আৰামেয়ে অৱসৰ গ্ৰহণ কৰাৰ পিচত তেওঁ এই দায়িত্বত অধিষ্ঠিত হয়। ৰাজেশ কুমাৰ সিং ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৪ এপ্ৰিলৰ পৰা এই বছৰ ২০ আগষ্টলৈকে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ প্ৰচাৰ বিভাগৰ সচিবৰ দায়িত্ব আছিল। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ গুৰুত্বপূৰ্ণ পদবীত সেৱা আগবঢ়াই আহিছে(Shri Rajesh Kumar Singh takes charge as Defense Secretary)।
এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে, দায়িত্ব গ্ৰহণৰ পূৰ্বে সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ নায়কসকলৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
“মাতৃভূমিৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰা আমাৰ বীৰ সৈনিকসকলৰ ওচৰত দেশ চিৰকাল ঋণী হৈ থাকিব । তেওঁলোকৰ অসাধাৰণ সাহসিকতা আৰু ত্যাগ হৈছে ভাৰতক এক সুৰক্ষিত আৰু সমৃদ্ধ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ বাবে শক্তি আৰু অনুপ্ৰেৰণাৰ উৎস ।” তেওঁ কয়।
লগতে পঢ়ক :Sensational incident : ৰহস্যজনক ভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ