Char Dham Yatra 2024 : দেওবাৰে পুৱা ৬ বজাত নিৰ্দিষ্ট ৰীতি-নীতিৰ জৰিয়তে মুকলি কৰা হ’ল বদ্ৰীনাথ ধাম
নিউজ ডেস্ক,১২ মে’ : মুকলি কৰা হ’ল বদ্ৰীনাথ ধাম । দেওবাৰে পুৱা ৬ বজাত নিৰ্দিষ্ট ৰীতি-নীতিৰ জৰিয়তে মুকলি কৰা হ’ল বদ্ৰীনাথ ধাম। অগণন ভক্তৰ ভিৰ, আৰ্মী বেণ্ডৰ সংগীত আৰু ভগৱান বদ্ৰী বিশালৰ প্ৰাৰ্থনাৰে মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। এতিয়া পৰৱৰ্তী ৬ মাহৰ বাবে ভক্তসকলে দৰ্শন কৰিব পাৰিব বদ্ৰীনাথ ধাম । বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ সময়ত ভক্তসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা যায় ।। কাৰণ আগন্তুক ৬ মাহৰ বাবে বদ্ৰীনাথ ধামত ভক্তসকলে বদ্ৰী বিশালৰ দৰ্শন কৰিব পাৰিব(Shri Badrinath Dham opens its doors for devotees after six months)।
উল্লেখ্যে যে, ১০ মে’ত গংগোত্ৰী,যমোনোত্ৰী আৰু কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হৈছে। বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি ভক্তসকলে ভগৱান বদ্ৰীক দৰ্শনৰ আগ্ৰহী আছিল । সকলোৰে জ্ঞাত যে, বদ্ৰীনাথক ভু বৈকুণ্ঠ ধাম বুলিও কোৱা হয় । এই ধাম চামোলি জিলাৰ অলকানন্দা নদীৰ পাৰত অৱস্থিত । যি হৈছে হিন্দুসকলৰ এক মুখ্য তীৰ্থস্থান, যি ভগৱান বিষ্ণুক উৎসৰ্গিত ।
বদ্ৰীনাথ মন্দিৰ চৌহদত ১৫ টা মূৰ্তি আছে । তাৰ ভিতৰত ভগৱান বিষ্ণুৰ এক মিটাৰ ওখ ক’লা শিলৰ মূৰ্তি অন্যতম । বদ্ৰীনাথ ধামত, বদ্ৰীনাথ বিশাল অৰ্থাৎ ভগৱান বিষ্ণু ধ্যানৰ ভঙ্গীত বহি আছে । যাৰ সোঁফালে কুবেৰ, লক্ষ্মী আৰু নাৰায়ণৰ মূৰ্তিবোৰ সুশোভিত কৰা হৈছে (Char Dham Yatra 2024 )।
বদ্ৰীনাথ ধামত, ভগৱান বদ্ৰী নাৰায়ণৰ ৫ প্ৰকাৰৰ উপাসনা কৰা হয় । ভগৱান বিষ্ণুৰ এই পাঁচটা ৰূপক ‘পঞ্চ বদ্ৰী’ বুলিও জনা যায় ।
প্ৰতি বছৰে চাৰ ধাম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে উত্তৰাখণ্ডৰ কেদাৰনাথ, বদ্ৰীনাথ ধাম, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ লাখ লাখ লোকৰ আগমন হয় । যাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো ৰাজ্য চৰকাৰে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । ভক্তসকলক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে চৰকাৰ ।
লগতে পঢ়ক : Drugs Peddlers Arrested in Jorhat : যোৰহাটত বুজন পৰিমাণ ড্ৰাগছসহ আটৰ সৰবৰাহকাৰী