Shootout at Punjab gurdwara : আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা, গুলীচালনাত নিহত ২ আৰক্ষী,আহত ৬আৰক্ষী কনিষ্টবল
নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : ভয়ংকৰ গুলীচালনাৰ ঘটনা । আৰক্ষী আৰু নিহাং দলৰ মাজত সংঘৰ্ষ । সংঘৰ্ষ নিহত এজন কনিষ্টবল লগতে আহত ছয়জন আৰক্ষী কনিষ্টবল ।
বৃহস্পতিবাৰে পুৱা পঞ্জাৱৰ কাপুৰথালাৰ চুলতানপুৰ লোধিৰ ঐতিহাসিক গুৰদ্বাৰা শ্ৰী বেৰ চাহাবৰ সমীপত অৱস্থিত গুৰদ্বাৰা আকল বুংগাৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনাটো ।
আৰক্ষী আৰু নিহাং দলৰ মাজত হোৱা গুলীচালনাৰ ফলত এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু হোৱাৰ বিপৰীতে আন জয় জন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । আহত কনিষ্টবলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(Punjab cop killed, 6 others injured after Nihangs open fire over control of Kapurthala gurdwara) ।
এই ঘটনাৰ সম্পৰ্কে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ফোনযোগে জানিবলৈ দিয়া অনুসৰি, গুৰদ্বাৰৰ মালিকীস্বত্বক লৈ এই সংঘৰ্ষ সংঘটিত হয় ৷
উল্লেখ্য যে, কাপুৰথালাৰ আৰক্ষী অধীক্ষক তেজবীৰ সিং হুণ্ডালে জানিবলৈ দিয়া মতে, আৰক্ষীৰ দলটো পথৰ কাষত থিয় হৈ থকা সময়তে নিহাঙে তেওঁলোকলৈ লক্ষ্য কৰি গুলীচালনা কৰে । নিহাঙৰ গুলীচালনাত এজন কনিষ্টবল নিহত হোৱাৰ বিপৰীতে আন ৬জন জোৱান গুৰুতৰভাৱে আহত হয়(Cop killed, 2 others personnel injured after Nihangs open fire) ।
এই ঘটনাৰ সম্পৰ্কে খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় লগতে অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হয় । ইফালে গুৰদ্বাৰ বেদখল কৰাৰ অভিযোগত আৰক্ষীয়ে নিহাং পন্থাৰ ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে । গুৰদ্বাৰাৰ চৌহদ মুকলি কৰিবলৈ যোৱাৰ সময়ত নিহাঙৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল(Shootout at Punjab gurdwara) ।
জানিব পৰা মতে, বিগত কিছুদিন ধৰি দুয়োটা গোটৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত গুৰুদ্বাৰাত সংঘৰ্ষ ৰোধ কৰিবলৈ আৰক্ষীৰ উপস্থিতি হৈছিল(Bloody gurdwara at seven in the morning in Punjab) ।
কাপুৰথালাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বাটছালা গুপ্তাই কয় যে গুৰদ্বাৰা মালিকীস্বত্বক লৈ সংঘাত অব্যাহত আছে। আৰক্ষী আৰু অসামৰিক প্ৰশাসনে সমস্যা সমাধানৰ চেষ্টা চলাই আছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বাবা বুঢ়া দল ৯৬ কাৰোৰী সন্ত বলবীৰ সিঙে বছৰ বছৰ ধৰি চুলতানপুৰ লোধিত ঐতিহাসিক গুৰদ্বাৰা বেৰ চাহাবৰ বিপৰীতে থকা গুৰদ্বাৰা শ্ৰী আকল বুংগা অনুষ্ঠিত কৰি আহিছে। তেওঁৰ হৈ তেওঁৰ সহযোগী নিৰ্বৈৰ সিং আৰু জগজিৎ সিঙে গুৰদ্বাৰ পৰিচালনা কৰিছিল।
২১ নৱেম্বৰত এটা বিচ্ছিন্ন ফৈদৰ নেতৃত্ব দি সন্ত বাবা মান সিঙে সহযোগীসকলৰ সৈতে বলপূৰ্বকভাৱে গুৰদ্বাৰাত প্ৰৱেশ কৰি নিৰ্বৈৰ সিং আৰু জগজিৎ সিঙক আক্ৰমণ কৰি অস্ত্ৰ-শস্ত্ৰ, ফোন, ধন জব্দ কৰি গুৰদ্বাৰা দখল কৰে।
জগজিৎ সিঙৰ বক্তব্যৰ ভিত্তিত বাবা মান সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে চুলতানপুৰ লোধি থানাত গোচৰ ৰুজু কৰা হয়।
লগতে পঢ়ক :আপুনি যাব বিচাৰে নেকি এই স্থানলৈ ?