Local, Vocal, Global

Shooting incident in Bongaigaon:বঙাইগাঁৱত গুলীচালনাৰ ঘটনা;গেলামালৰ দোকানীলৈ লক্ষ্য কৰি গুলীচালনা

বঙাইগাঁও,১৭ফেব্ৰুৱাৰী : ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

নিশা বঙাইগাওঁ জিলাৰ নিত্যবজাৰত ভয়ংকৰ গুলী চালনাৰ ঘটনা।এজন যুৱ ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলি চালনাৰ ।ধুবুৰী-বঙাইগাওঁ জিলাৰ সীমান্তবৰ্তী নিত্য বজাৰত নিশা এই গুলি চালনাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে(Shooting incident in Bongaigaon)।

কায়েথপাৰা ১ম খণ্ডৰ আব্দুল ছালাম নামৰ যুৱ ব্যৱসায়ীয়ে নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত থকাৰ সময়তে দুচকীয়া বাহনত অহা অচিনাক্ত দুৰ্বৃত্তৰ দল এটায় যুৱ ব্যৱসায়ী জনক উদ্দেশ্য কৰি গুলি নিক্ষেপ কৰে। সৌভাগ্য ক্ৰমে যুৱ ব্যৱসায়ীজনক গুলি নালাগি পানীৰ বটলত গুলি লাগি গুলিটো দোকানৰ বেৰত লাগি ধৰে।

ঘটনা সন্দৰ্ভত বিষয়ে বইটামাৰী আৰক্ষীক অৱগত কৰাত লগে লগে বইটামাৰী আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সংক্ৰান্ত্ৰত এতিয়ালৈকে কোনো ব্যক্তিকে আটক কৰিবলৈ সক্ষম হোৱা নাই বইটামাৰী আৰক্ষীয়ে। ঘটনাক লৈ নিত্যবজাৰত এতিয়া চাঞ্চল্য অব্যাহত আছে।

লগতে পঢ়ক :Husband-Wife Duo Arrested for Drug Smuggling : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা