Manipur Women Paraded Naked : নিকৃষ্ট কাণ্ড !ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড

নিউজ ডেস্ক,২০ জুলাই : দেশত পুনত আন এক জঘন্যকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা দেশত পুনৰ সংঘটিত হ’ল আন এক জঘন্য ঘটনাৰ। প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংগ মগলু কুঁৱৰী কুৰংগনয়নীৰ পিতৃ ৰাজ্যত এতিয়াই চলিছে মৃত্যুৰ বিভীষিকা(Shocking Video Shows Two Kuki Women Paraded Naked)।
মণিপুৰত অব্যাহত আছে হিংসা । সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত ভূলুণ্ঠিত হৈছে মানৱতা ৷ মণিপুৰত চলি থকা হত্যা হিংসাৰ মাজতে সমানে চলিছে মহিলাৰ ওপৰত অত্যাচাৰ (Manipur Women Paraded Naked)। ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক লজ্জাজনক বিষয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ । যিটো ভিডিঅ’ত একাংশ ৰাইজে দুগৰাকী মহিলাক উলংগ কৰি লৈ যোৱা দেখা গৈছে । ‘য’ত একাংশ মানৱৰূপী দানৱে মণিপুৰৰ ৰাজপথত উলংগ কৰি মহিলাক পাশৱীক নিৰ্যাতন চলাইছে । দলৱদ্ধ ধৰ্ষণৰ বলি হবলগীয়া হৈছে নেকি অষ্টলক্ষ্মীৰ অংগ মণিপুৰৰ জীয়ৰী, বোৱাৰী ?
উল্লেখ্য যে, মেইটেই আৰু কুকিসকলৰ মাজত সংঘৰ্ষৰ চলি থকাৰ মাজতে এনে এক অতি নিকৃষ্ট ঘটনা পোহৰলৈ আহিছে ৷ যিয়ে এতিয়াই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে(Manipur violence) । এনে এক দানৱ ৰূপী মানৱৰ নিকৃষ্ট কাণ্ডই লজ্জানত কৰিছে এখন সভ্য সমাজক । মানৱ কিমান নিকৃষ্ট হব পাৰে তাৰে যেন এক উদাহৰণ এই মানৱ ৰূপী দানৱ ।
শেহতীয়াকৈ পোহৰলৈ অহা এই ভিডিঅ’ই ইয়াকে প্ৰমাণ কৰাই যে মণিপুৰৰ পৰিৱেশ কিমান পাশৱিক আৰু ভয়াৱহ । এদল লোকে দুগৰাকী যুৱতীগৰাকীক উলংগ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি এদল পাষাণ লোকে ৰেলী কৰি লৈ গৈ থাকে এই ভিডিঅ সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু যিয়েই দেখিছে তেওঁৰেই গাৰ নোম শিয়ৰি উঠিছে ৷ ইতিমধ্যেই বিভিন্ন সংবাদমাধ্যমত এই বাতৰি সম্প্ৰচাৰ হৈছে ৷
জানিব পৰা মতে, এই ঘটনাটো মণিপুৰৰ ৰাজধানী ইম্ফলৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ । এই ভিডিঅ টোত দেখা পোৱা মহিলা এগৰাকীৰ ২১ বছৰীয়া কুকি যুৱতী ।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ৪ মেত’ সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনা পোহৰলৈ আনিছে এটা কুকি সংগঠনে । জানিব পৰা মতে, মণিপুৰত কুকি আৰু মেইটেইসকলৰ মাজত হিংসা আৰম্ভ হোৱাৰ এদিন পাচত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ কিন্তু ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাৰ বাবে এই ঘটনা পোহৰলৈ অহা নাছিলে । কিন্তু এতিয়াই এই ভিডিঅ সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
মানৱৰূপী এই দানৱৰ মাজত পৰি দুয়োগৰাকী মহিলাই মৰণকাতৰ আৰ্তনাদ কৰিছে। জানিব পৰা মতে, সংগঠনটোৰ মতে এই দুয়ো মহিলা কুকি জ’ সম্প্ৰদায়ৰ।
লগতে পঢ়ক : Mass Murder in Jodhpur : একেটা পৰিয়ালৰ চাৰিজনৰ লোকক নৃশংস হত্যা