Local, Vocal, Global

Shocking incident at Kajalgaons:চিৰাঙৰ কাজলগাঁৱৰ বৈথুন গাঁৱত মাৰণাস্ত্ৰ উদ্ধাৰ;গৃহস্থৰ ঘৰত উদ্ধাৰ সজীৱ গুলীসহ মাৰণাস্ত্ৰ

নিউজ ডেস্ক,২১জানুৱাৰী : চিৰাঙৰ কাজলগাঁৱৰ বৈথুন গাঁৱত মাৰণাস্ত্ৰ উদ্ধাৰ। চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ এঘৰ লোকৰ ঘৰত উদ্ধাৰ হয় সজীৱ গুলীসহ মাৰণাস্ত্ৰখিনি।

গোপন তথ্যৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে বৈখুনগাঁৱৰ জামাল বাদশ্বাহ নামৰ ব্যক্তিজনৰ বাসগৃহৰ পিছফালে অভিযান চলাই। অভিযান উদ্ধাৰ কৰে দুজাঁই সজীৱ গুলীসহ এটা ৭.৬৫ এম এম পিষ্টল। লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জামাল বাদশ্বাহ নামৰ এজন লোকক আটক কৰে। বাদশ্বাহক আটক কৰি লৈ যোৱাৰ সময়ত স্থানীয় ৰাইজে আদবাটতে বাধা প্ৰদান কৰে। ইয়াকে লৈ বৈখুনগাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়(Shocking incident at Kajalgaons)।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কোনোবা দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে মাৰণাস্ত্ৰখিনি জামাল বাদশ্বাহৰ ঘৰত ৰাখিছে। ঘটনা সন্দৰ্ভত ৰাইজে এক নিৰপেক্ষ তদন্তৰ দাবী কৰে।

ইফালে একাংশ ৰাইজে এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী থানা ঘেৰাও কৰি অসম পুলিচ হায় হায়, আমাক ন্যায় লাগে আদি শ্লোগানেৰে কাজলগাঁও থানাৰ চৌহদ উত্তাল কৰি তোলে।

লগতে পঢ়ক :Actress Padmini Kolhapure : তেজপুৰত উপস্থিত হৈ কণ-কণ নাচনীৰ সৈতে কঁকাল ঘূৰাই বিহু নাচিলে মোহময়ী অভিনেত্ৰী পদ্মিনী কোলহাপুৰেই