Local, Vocal, Global

WATCH | Sherman Ali Ahmed : এইবাৰ খং নহয়, ব্যতিক্ৰমী ৰূপত দেখা গ’ল বিধায়ক শ্বেৰমান আলী আহমেদক

নগৰবেৰা,২৯মাৰ্চ : এইবাৰ খং নহয়, ব্যতিক্ৰমী ৰূপত দেখা গ’ল বিধায়ক শ্বেৰমান আলী আহমেদক। নিজ সমষ্টি বাঘবৰৰ ভাতনাপাইতিত বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিবলৈ আহি একাংশ শিক্ষকক বাল্য বিবাহৰ মূল কাৰণ ব্যাখ্যা কৰাৰ লগতে উপস্থিত থকা মিঞা মুছলমান লোকক হাত দাঙি কৰোৱায় প্ৰতিজ্ঞা(Sherman Ali Ahmed)।

তেওঁ কয়-অসমৰ মূল সূঁতিৰ মানুহৰ ভয় আৰু শংকা দূৰ কৰিবলৈ মিঞা মুছলমান লোকৰ লৰা-ছোৱালী শিক্ষিত হব লাগিব। মিঞা মানুহৰ লৰা-ছোৱালী শিক্ষিত হলে বাল্য বিবাহ কমিব আৰু জনবিস্ফোৰণ হ্ৰাস পাব। মিঞা মুছলমান লোক সকলৰ জনবিস্ফোৰণ কমিলেহে অসমৰ মূল সূঁতিৰ মানুহৰ ভয়, শংকা নাইকীয়া হব।

বিধায়ক শ্বেৰমান আলীয়ে আৰু কয় যে, মিঞা মুছলমান মানুহে লোভ কমাব লাগিব আৰু নিজৰ লৰা-ছোৱালীক সু-শিক্ষাৰে শিক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়িব লাগিব। এই ছেগতে তেওঁ উক্ত অনুষ্ঠানত উপস্থিত থকা মিঞা মুছলমান লোকক তেওঁলোকৰ সতী সন্ততিক শিক্ষিত কৰিবলৈ হাত দাঙি প্ৰতিজ্ঞা কৰায়।

লগতে পঢ়ক : WATCH | Dibrugarh News : সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাইজৰ দলৰ প্ৰতিবাদ