Local, Vocal, Global

WATCH | Sherman Ali : ‘গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাত হতাশ আৰু ভয়ত আতংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’

নগৰবেৰা,৩জুন : ‘গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাত হতাশ আৰু ভয়ত আতংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়ে তেওঁ ৰায়ত সৃষ্টি কৰি হলেও ‘২৬ ৰ নিৰ্বাচনত জয়ী হৈ পুনৰ ক্ষমতা দখল কৰাৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই।’

ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত এইদৰে মন্তব্য কৰে পূৰ্বৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে(Sherman Ali)।

বাঘবৰ সমষ্টিৰ আলোপতি আৰু বাঘমাৰাচৰত কেইবাটাও উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এনেদৰে কয় বিধায়ক গৰাকীয়ে ।

মুছলমান লোক সকলে বিভিন্ন সময়ত কৰা বেয়া কামৰ বাবেই তেওঁলোকৰ ওপৰত আল্লাহৰ গজব পৰিছে আৰু নানা প্ৰকাৰে হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলিও কয় বিধায়ক শ্বেৰমান আলীয়ে।

লগতে পঢ়ক : Watch | Wild elephant’s rampage at Dumuni in Baksa at night: বাক্সাৰ ডুমুনীৰ অৰ্ণিবিলত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ