Local, Vocal, Global

শ্বেখ হাছিনাৰ হিমন্ত বিশ্ব শৰ্মালৈ আম প্ৰেৰণ

নিউজ ডেস্ক, ২ জুন : বাংলাদেশ আৰু অসমৰ সম্পৰ্কৰ বিষয়ে হয়তো দ্বিতীয়বাৰ বহলাই ক’ব নালাগে।

অসমৰ গাতে লাগি আছে চুবুৰীয়া দেশ Bangladesh । দুয়োখন দেশৰ মাজত পূৰ্বৰে পৰা এক অটুট সম্পৰ্ক আছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী Sheikh Hasinaই এতিয়া সেই বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আম প্ৰেৰণ কৰিছে।


বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে উপহাৰ হিচাপে অসমলৈ ২০০ কিলোগ্ৰাম আম প্ৰেৰণ কৰিছে।
খবৰ অনুসৰি, বৰ্তমান দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু নৰেন্দ্ৰ মোদী দুয়োৰে নেতৃত্বত ‘সৰ্বশ্ৰেষ্ঠ সম্পৰ্ক’ স্থাপন কৰাৰ দিশে আগবাঢ়িছে। এই প্ৰচেষ্টাত বিশেষ ভূমিকা পালন কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে।


প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আম আৰু হিলছা উপহাৰে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক আৰু বন্ধুত্ব কঢ়িয়াই আনিছে।

বাংলাদেশৰ বৈদেশিক নীতি বিশেষজ্ঞসকলে এই নীতিক `Mango-Hilsa diplomacy’ বুলি অভিহিত কৰি তত্বাৱধান কৰি আহিছে।