অসমত শ্বাহৰ তৃতীয় দিন, পুৱাই শক্তিপীঠত পূজা-অৰ্চনা, অংশ ল’ব SP সন্মিলনত

নিউজ ডেস্ক: ২০১৪ চনৰ নিৰ্বাচনৰ কুচ-কাৱাজ চলাবলৈ অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে কালি বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয় মুকলি কৰাৰ লগতে ড্ৰাগছদাহন কাৰ্যসূচীত ভাৰ্চুৱেলী অংশ লয়৷ তাৰ পাছতে শংকৰদেৱ কলাক্ষেত্ৰত দলে আয়োজন কৰা বিশেষ সাংস্কৃতিক কাৰ্যসূচীত অংশ লয় অমিত শ্বাহে৷ গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদীনিয়া কাৰ্যসূচী লৈ অসমলৈ আহিছিল৷ অন্তিম দিনটোত আজি পুৱা ৯ বাজি ৩০ মিনিটত কামাখ্যা দৰ্শন কৰে শ্বাহে৷ লক্ষ্মী পূজা উপলক্ষে কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰে শ্বাহে৷ কামাখ্যাত পূজা-অৰ্চনা কৰাৰ লগতে উত্তৰ-পূৱ পৰিষদৰ বৈঠকত উপস্থিত থাকিব৷ উত্তৰ-পূৱ পৰিষদৰ বৈঠক সামৰি পোনে পোনে যাব দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়লৈ৷ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষক সন্মিলন৷