Local, Vocal, Global

Shahi Jame masjid :শ্বাহী জামা মছজিদত চলিছে বুলড’জাৰ কোব!

নিউজ ডেস্ক,২৯ডিচেম্বৰ : শ্বাহী জামা মছজিদত চলিছে বুলড’জাৰ কোব ।মন্দিৰ বুলি দাবী কৰাৰ পাছতেই আৰম্ভ হ’ল খনন কাম।সঁচাকৈ শ্বাহী জামা মছজিদ এটা সময়ত মন্দিৰ আছিল নেকি ?

বাবৰে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰিছিল নেকি?

অযোধ্যাৰ লগতে মথুৰা, কাশী, ছাহি জামা মছজিদ, যাক উত্তৰ প্ৰদেশৰ সম্ভলত অৱস্থিত বাবৰি মছজিদ বুলিও জনা যায়, হিন্দু সকলে দাবী কৰে এইটো হৰিহৰ মন্দিৰ বুলি । আদালতৰ মজিয়াত মন্দিৰ বুলি দাবী কৰি আপিল জনালে হিন্দু সংঘটনে। আদালতৰ পৰা জৰীপৰ দলক পৰ্যবেক্ষন কৰাৰ কাৰণে শ্বাহী জামা মছজিদৰ প্ৰেৰণ কৰা হল। জৰীপৰ দল উপস্থিত হোৱাৰ লগে লগেই এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হল(Shahi Jame masjid)।

এই ঘটনা আছিল ২৪ নৱেম্বৰৰ। তাৰপাছৰেই পৰাই আৰক্ষীৰ নিগ্ৰাৰানীত ৰখা হল চম্বলৰ শ্বাহী জামা মছজিদক। কালিৰেই পৰা এনেদৰে শ্বাহী জামা মছজিদৰ চৌহদত খনন কাৰ্য চলোৱা হৈছে। শ্বাহী জামা মছজিদৰ সন্মুখত নিৰ্মাণ হব আৰক্ষী চকী। ইতিমধ্যে ভূমি পূজনো সম্পূৰ্ণ হৈ পৰিছে। তাৰমাজতে এটা ভিডিও সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হোৱা দেখা পোৱা গৈছে।

ভিডিওটো কিমান সচা মিছা যদিও স্পষ্ট হোৱা নাই কিন্তু সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। শ্বাহী জামা মছজিদৰ আগত আৰক্ষী চকী নিৰ্মাণক প্ৰশ্ন উত্তাপন কৰিছে কে এ আই এম আই এম প্রধান আসাদউদ্দিন ওয়াইসিৰ।

লগতে পঢ়ক :Tragic road accident in Sipajhar:ছিপাঝাৰৰ দিপীলাত দুৰ্ঘটনাত পতিত ছাত্ৰৰ চিকিৎসায়ত মৃত্যু