Local, Vocal, Global

শ্বাহে অসমলৈ আনিব সাংঘাতিক টেকন’লজি, ৫ বছৰত চাফা বানপানী

নিউজ ডেস্ক: অসমত বানত ১০ খন জিলাত কেইবা লক্ষ লোক ক্ষতিগ্ৰস্ত হয়৷ বানপানী সম্পৰ্কীয় ঘটনা আৰু ভূমিস্খলনত ২০০গৰাকীতকৈ বেছি লোকৰ মৃত্যু হৈছে।
যোৱাটো বানত বজালী, বিশ্বনাথ, কাছাৰ, চিৰাং, ডিমা হাচাও, গোলাঘাট, হাইলাকান্দি, কামৰূপ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, তামুলপুৰ ক্ষতিগ্ৰস্ত হয়৷ প্ৰায় ১২ খন জিলাত শিবিৰত মানুহে জীৱ-জন্তুৰ দৰে থাকিব লগীয়া হৈছিল৷ এমুঠি খাদ্য-এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল৷ ১১,৭১৯ টা শিশুই শিবিৰত থাকিবলগীয়া হৈছিল৷ সেই সময়ত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে অসমলৈ নাহিলে৷

কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে অসমত চিৰস্থায়ী বান সমস্যাসম্পূৰ্ণৰূপে সমাধান কৰিবলৈ পাঁচ বছৰৰ সময় বিচাৰি কয় যে চৰকাৰে প্ৰাকৃতিক দুৰ্যোগক ইতিহাস কৰি পেলাব৷ বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰি দিয়া ভাষণত শ্বাহে কয় যে এই মুহূৰ্তত এক উচ্চাকাংক্ষী বান প্ৰশমন প্ৰকল্প প্ৰস্তুত কৰা হৈছে। বিজেপিৰ ইস্তাহাৰত আমি সন্ত্ৰাসবাদ, দুৰ্নীতি আৰু বানপানীৰ পৰা মুক্ত এখন অসমক প্ৰতিশ্ৰুতি দিছিলো। আমি ইতিমধ্যে প্ৰথম দুটা অৰ্জন কৰিছো। আমাক আৰু পাঁচ বছৰ দিয়ক, আমি অসমক বানপানীৰ পৰা মুক্ত কৰিম।

প্ৰায় প্ৰতি বছৰে, বানপানীৰ তিনিৰ পৰা চাৰিটা ঢৌৱে অসমক ধ্বংস কৰে। ৰাজ্য চৰকাৰৰ এক ৱেবছাইট অনুসৰি দুৰ্যোগৰ ফলত গড় বাৰ্ষিক লোকচান হৈছে ২০০ কোটি টকা। শ্বাহে কয় যে ইতিমধ্যে শুকুৰবাৰে সন্ধিয়া বিভিন্ন অংশীদাৰসকলৰ সৈতে সমস্যাটোৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰিছে আৰু উত্তৰ-পূব পৰিষদৰ অধীনত এক উচ্চাকাংক্ষী প্ৰকল্প প্ৰস্তুত কৰা হৈছে। ইপিনে ‘A-ফৰ আসাম’ কোৱা মোদী চৰকাৰে বানৰ সময়ত অসমক ফুটাকড়ি এটাও নিদিয়াৰ লগতে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই৷

কেন্দ্ৰ-ৰাজ্যত বিজেপি দলৰ চৰকাৰ থকাৰ পিছতো অসমক যে যোৱা বছৰ কেইটাত কেন্দ্ৰীয় চৰকাৰে সকলো ক্ষেত্ৰতে বঞ্চিত কৰি আহিছে সেয়া বিৰোধীয়ে অভিযোগ কৰি আহিছে৷ নিৰ্বাচন আহিলেই ‘এ ফৰ আসাম’, ‘অষ্টলক্ষ্মী’ বুলি ভাষণ দিয়া প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে অসমক বান সাহায্যৰ ক্ষেত্ৰত বঞ্চিত কৰি আহিছে বুলি দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে৷

সংসদত দাখিল কৰা তথ্য মতে অসমৰ বিজেপি চৰকাৰে যোৱা ২০১৮-১৯ বৰ্ষৰ কৰা ২০২১-২২ বৰ্ষলৈকে ৰাজ্যখনৰ বানপানীৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ জোৰা মাৰিবলৈ মুঠ ৯৪৭৬ কোটি টকা বিচাৰিছিল। ইয়াৰে ভিতৰত ২০১৮-১৯ বৰ্ষত ২৫০৯.০৭ কোটি, ২০১৯-২০ বৰ্ষত ৩২৩৭.৭৬ কোটি, ২০২০-২১ বৰ্ষত ২৬৪০.৮৭ কোটি আৰু ২০২১-২২ বৰ্ষত ১০৮৮.১৮ কোটি বিচাৰিছিল৷ অসম চৰকাৰে বিচৰা এই ধনৰাশিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ (NDRF) পৰা ২০১৮-১৯ বৰ্ষত ১৩৮.৩৮ কোটি, ২০১৯-২০ বৰ্ষত ৬১৬.৬৩ কোটি, ২০২০-২১ বৰ্ষত ৪৩৭.১৫ কোটি আৰু ২০২১-২২ বৰ্ষত ৫১.৫৩ কোটিৰ পুঁজিত অনুমোদন জনায়৷

কিন্তু মুঠ অনুমোদিত ১২৪৩.৬৯ কোটি টকাৰ বিপৰীতে মাত্ৰ ৪৪.৩৭ কোটি টকাহে কেন্দ্ৰই অসমক মুকলি কৰি দিয়াৰ তথ্য প্ৰকাশ পাইছিল৷ ইয়ে প্ৰমাণ কৰে যে অসম আৰু অসমীয়াক ভাল পোৱা দেখুৱাই ভাষণৰ ফুলজাৰি মৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ অসমৰ জনসাধাৰণৰ প্ৰতি থকা দায়িত্বহীনতাৰ চূড়ান্ত নিদৰ্শন৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক কৰা প্ৰৱঞ্চনাত মাত মাতিব নোৱাৰিলে৷ বিপৰীতে বিগত চাৰিটা বৰ্ষত প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ নামত কৰ্ণাটকে ৬৪৮০.৬৯, ওড়িশাই ৪৬৩৫.৮২ কোটি, মধ্যপ্ৰদেশে ৪৫৩৮.৪৩ কোটি, বিহাৰে ৩২৪৭.৪০ কোটি, পশ্চিমবংগই ৩৫৫৮.৭৪ কোটি, অন্ধ্ৰপ্ৰদেশে ২৫৮৪.২৫ কোটি আৰু তামিলনাডুৱে ১৭৫৩.৫৮ কোটি টকা মোকলাই আনিবলৈ সক্ষম হয়৷

এতিয়া কথা হ’ল বছৰ বছৰ ধৰি বানপানীৰ দৰে দুৰ্যোগৰ সন্মুখীন হোৱা অসমে বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ বাৰাম্বাৰ দাবী কৰি আহিছে৷ এই ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ সময়ত অসম বিধানসভাই সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ কিন্তু বিজেপি এই ক্ষেত্ৰত নিমাত৷