Local, Vocal, Global

Shah Rukh, Akshay, Ajay issued notice in gutka ad case: উচ্চ ন্যায়ালয়ৰ শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু অজয় ​​দেৱগনলৈ জাননী প্ৰেৰণ কিন্তু কিয় ?

নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ : একেলগে বলীউডৰ তিনি তাৰকালৈ উচ্চ ন্যায়ালয়ৰ জাননী প্ৰেৰণ । তিনি তাৰকাৰ পান মছলা কোম্পানীৰ বিজ্ঞাপনক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে জাননী জাৰি কৰে। গুটখাৰ বিজ্ঞাপনৰ বাবে অক্ষয় কুমাৰ,শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনলৈ আদালতৰ জাননী ।গুটখাৰ কোম্পানীৰ হৈ বিজ্ঞাপন কৰি আদালতৰ ৰোষত পৰিল তিনি ছুপাৰষ্টাৰ ।তিনি তাৰকাক আদালতে প্ৰেৰণ কৰে কাৰণ দৰ্শোৱাৰ জাননী(Shah Rukh Khan, Ajay Devgn, and Akshay Kumar get legal notices for endorsing Pan Masala) ।

উল্লেখ্য যে, ২০২২ৰ ১৫অক্টোবৰত তদন্তৰ বাবে নিৰ্দেশ দিছিল আদালতে । কিন্তু আদালতৰ নিৰ্দেশৰ পিছতো হোৱা নাছিল কোনো তদন্ত । ইয়াৰ পিছত আদালতে মুখ্য আয়ুক্ত,উপভোক্তা সংৰক্ষণ বিভাগক অৱমাননা কৰা বুলি প্ৰেৰণ কৰিছিল জাননী । ১৬ অক্টোবৰত কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হয় যে অক্ষয় কুমাৰ,শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনক কাৰণ দৰ্শাবৰ বাবে জাননী ।

কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই লক্ষ্ণৌৰ বিচাৰপীঠক জনাই যে উচ্চতম ন্যায়ালয়েও এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে । সেয়েহে, এই আৱেদন নাকচ কৰা উচিত । ইয়াৰ পিচত ন্যায়াধীশ ৰাজেশ সিং চৌহানৰ একক বিচাৰপীঠে এই অৱমাননা আৱেদন গৃহীত কৰিছে । লগতে পৰৱৰ্তী শুনানিৰ তাৰিখ ২০২৪ চনৰ ৯ মে’ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে(Shah Rukh, Akshay, Ajay issued notice in gutka ad case) ।

ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰাজেশ সিং চৌহানৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক আবেদনকাৰীৰ প্ৰতিনিধিত্ব সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল । এই অভিনেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলি যুক্তি দিয়া হৈছিল, কিয়নো এই অভিনেতাসকলক উচ্চ সন্মান দিয়া হয় ৷ কিন্তু উচ্চ সন্মান লাভ কৰা স্বত্বেও অভিনেতাসকলে গুটখা

শুকুৰবাৰে অনুষ্ঠিত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ডেপুটি ছলিচিটৰ জেনেৰেল এছ বি পাণ্ডেয়ে কয় যে কেন্দ্ৰই অক্ষয় কুমাৰ, শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে ৷ একে সময়তে আদালতক এই কথাও অৱগত কৰা হয় যে চুক্তি বাতিল কৰাৰ পিচতো অভিনেতা অমিতাভ বচ্চনে বিজ্ঞাপনত তেওঁক দেখুওৱাৰ বাবে সংশ্লিষ্ট পান মছলা কোম্পানীলৈ আইনী জাননী প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : APSC Scam : আজি CID কাৰ্যালয়লৈ অনা হৈছে নন্দবাবু সিঙক;APSC কেলেংকাৰীৰ ৰাকেশ পালৰ কু-কৰ্মৰ অন্যতম সহযোগী আছিল নন্দবাবু সিং