Sexual Harassment of Women in Dibrugarh : বেজালিৰ ছলেৰে যৌন নিৰ্যাতন চেষ্টা ভণ্ড তান্ত্ৰিকৰ
নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনাৰ । এইবাৰ বেজালিৰ ছলেৰে অসৎ কাৰ্যৰ চেষ্টা ভণ্ড তান্ত্ৰিকৰ ।
ডিব্ৰুগড় বৰবৰুৱাত জামাল চৌধুৰী নামৰ এটা লম্পটে এগৰাকী অসহায় সন্তানহীন মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ।
ভুক্তভোগী মহিলা গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বিবাহৰ ১০ বছৰে সন্তানহীন হৈ আছিল মহিলাগৰাকী। চিকিৎসকৰ কাষ চাপি সফলতা লাভ নকৰাত মহিলাগৰাকী কাষ চাপিছিল তান্ত্ৰিকৰ । মহিলা গৰাকীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তন্ত্ৰমন্ত্ৰৰে মহিলাগৰাকী সন্তান লাভ কৰাটো নিশ্চিত বুলি দাবী কৰি মহিলাগৰাকীৰ ওপৰত আৰম্ভ কৰিছিল বেজ বেজালি(Sexual Harassment of Women in Dibrugarh)।
ইয়াৰ পাছতে চকলেটত নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি মহিলা গৰাকীক যৌন নিৰ্যাতন কৰিছিল । ইমানেই নহয়, মোবাইলত যৌন নিৰ্যাতনৰ ভিডিঅ’ আৱদ্ধ কৰিছিল অভিযুক্ত তান্ত্ৰিকে । ইয়াৰ পিছতে তান্ত্ৰিকৰ অসৎ অভিপ্ৰায়ৰ বিষয়ে অৱগত হৈ তেওঁৰ বিৰুদ্ধে বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । শুকুৰবাৰে বৰবৰুৱাৰ পৰা ভণ্ড তান্ত্ৰিকটোক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰে।