Local, Vocal, Global

Sexual Assault Of Minor Patient At GMCH :ৰহস্যৰ আৱৰ্তত GMCHত কিশোৰী ধৰ্ষণৰ গোচৰ

নিউজ ডেস্ক,২৫জানুৱাৰী :ৰহস্যৰ আৱৰ্তত GMCHত কিশোৰী ধৰ্ষণৰ গোচৰ।আৰক্ষী আৰু GMCH কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে সমগ্ৰ ঘটনা । সংবাদ মাধ্যমলৈ GMCH কৰ্তৃপক্ষই প্ৰেৰণ কৰিছে বিবৃতি ।কোনো ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা নাই GMCHত ।

উল্লেখ্য যে,পোহৰলৈ আহিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা এক জঘণ্য কাণ্ডৰ তথ্য ।পোহৰলৈ আহিছে হাস্পতালখনত চিকিৎসাৰ বাবে অহা এগৰাকী বৃক্কৰ ৰোগত আক্ৰান্ত কিশোৰী হাস্পতালখনৰে এগৰাকী চাফাই কৰ্মীৰ দ্বাৰা ধৰ্ষিতা হোৱাৰ ঘটনা(Sexual Assault Of Minor Patient At GMCH)।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত ৰুজু কৰা হৈছে এক গোচৰ। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে দুগৰাকী ব্যক্তিক আটক কৰিছে। জানিব পৰা মতে জি এম চি এইছৰ ছুপাৰ স্পেচিয়িলিটি হাস্পতালতৰ ইউৰোলজী ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল এগৰাকী ১৩ বছৰীয়া কিশোৰী।

কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে ১৯ জানুৱাৰী, দেওবাৰে নিশা আব্দুল ৰছিদ নামৰ এগৰাকী চাফাই কৰ্মীয়ে কিশোৰীগাৰকীক শাৰীৰিক নিৰ্যাতন চলাই। এই ঘটনা সন্দৰ্ভত নিশাই কৰ্তব্যৰত নাৰ্ছক অৱগত কৰা হৈছিল যদিও তেওঁলোকে বিষয়টো গাপ দি ৰাখে। পাছত মঙলবাৰেহে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে।

ইয়াৰ পাছতে হাস্পতাল কৰ্তৃপক্ষই ভুক্তভোগীৰ পিতৃ, মাতৃৰ উপস্থিতিত ইউৰলজী বিভাগৰ ইনছাৰ্জ নাৰ্ছ, মহিলা ছিকিউৰিটি, চাফাই ইনছাৰ্জ আৰু চিকিৎসকৰ উপস্থিতিত তদন্ত কৰা হয়। এই তদন্তৰ সময়ত চাফাই কৰ্মীগৰাকীয়ে নিজৰ দোষ অস্বীকাৰ কৰে যদিও ভুক্তভোগী কিশোৰীগৰাকীয়ে স্পষ্টভাৱে চাফাই কৰ্মীজনে তেওঁক স্পৰ্শ কৰা বুলি অৱগত কৰে।

হাস্পতাল কৰ্তৃপক্ষই এক প্ৰতিবেদনত উল্লেখ কৰা মতে এই ঘটনাৰ বাবে কৰ্তৃপক্ষই চাফাই কৰ্মীজনক কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে। পিছে সেই সময়তে নাটকীয়ভাৱে সলনি হয় পৰিবেশ। ভুক্তভোগী কিশোৰীগৰাকীয়ে চাফাইকৰ্মীজনক কৰ্তব্যৰ পৰা অব্যাহতি দিলে হাত কাটি আত্মহত্যা কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে। তাৰোপৰি হাস্পতাল কৰ্তৃপক্ষই তদন্তৰ প্ৰতিবেদনত এই কথাও উল্লেখ কৰিছে নিৰ্যাতিত হোৱা যুৱতীগৰাকীয়ে চাফাই কৰ্মীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল।

আনহাতে আব্দুল ৰছিদ নামৰ চাফাই কৰ্মীগৰাকীয়ে হাস্পতাল কৰ্তৃপক্ষক জনোৱা অনুসৰি যুৱতীগৰাকীয়ে তেওঁলো ফোন কৰি আছিল। কিছু দিন পূৰ্বে তেওঁলকৈ ৬৪ টা মিছড কল গৈছিল।

ইফালে চিচি টিভি কেমেৰাত দৃশ্যত ১৯ জানুৱাৰীৰ নিশাৰ সকলো দৃশ্য বন্দী হৈছে। সেই নিশা ১০-৩০ বজাত কৰবী ৰয় নামৰ এগৰাকী মহিলা চাফাই কৰ্মীৰ সৈতে ভুক্তভোগী যুৱতীগৰাকী টয়লেটলৈ গৈছিল। ইতিপূৰ্বে তাত উপস্থিত আছিল আব্দুল। আব্দুল আৰু ভুক্তভোগী যুৱতীগৰাকী টয়লেটত থকাৰ সময়ত আন লোকক তাত প্ৰৱেশত বাধা দিছিল কৰবী ৰয়ে।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত ২১ জানুৱাৰীত ৰুজু হৈছে এটা গোচৰ। ভঙাগড় আৰক্ষী থানাত ১৮/২০২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৫(১) আৰু পকছো আইনৰ ধাৰা ৪ ৰ অধীনত এটা গোচৰ ৰুজু হৈছে। এই গোচৰৰ আধাৰতে আৰক্ষীয়ে আব্দুল ৰছিদৰ উপৰিও কৰবী ৰয়কো আটক কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে শীঘ্ৰেই গোচৰটোৰ চাৰ্জশ্বিট দাখিল কৰিব।

লগতে পঢ়ক :Four hackers arrested in Mangaldai:মঙ্গলদৈত ৪ জনকৈ হেকাৰ কৰায়ত্ত অসম আৰক্ষীৰ