Local, Vocal, Global

Sex racket in Majuli : মাজুলীৰ একাংশ ল’জ আৰু ৰিজৰ্টত অবৈধ নাৰী দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ

নিউজ ডেস্ক,২৫জুলাই : সত্ৰ নগৰী মাজুলীৰ ঐতিহ্যত কালিমা সানি ঐতিহাসিক মহাপুৰুষীয়া সত্ৰ আৰু শিক্ষানুষ্ঠানৰ কাষতে নাৰী দেহৰ ব্যৱসায়ত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মাজুলীৰ একাংশ ল’জ আৰু ৰিজৰ্টত অবৈধ নাৰী দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ(Sex racket in Majuli) ৷

বৃহস্পতিবাৰে কমলাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ এটি নাম বিহীন ল’জত উৎখাত কৰা হয় এটা নাৰী দেহ ব্যৱসায় চক্ৰ ৷ ল’জটোৰ ভিতৰত সন্দেহজনক দুগৰাকী মহিলা আৰু কেইজনমান যুৱকে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ সন্দেহত স্থানীয় ৰাইজে ল’জটো ঘেৰাও কৰে যদিও যুৱককেইজন পলাই যাবলৈ সক্ষম হয় ৷

আনহাতে দুগৰাকী মহিলাক গড়মূৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে ৷আটকাধীন মহিলা দুগৰাকী যোৰহাটৰ বেগম উপাধিধাৰী বুলি পৰিচয় দিছে ।

এখন উদাসীন মহাপুৰুষীয়া সত্ৰৰ একপ্ৰকাৰে নিচেই কাষতে এনেদৰে নাৰী দেহৰ দৰে ব্যৱসায়ৰ ঘাটি কৰাৰ ধৃষ্টতাক লৈ এতিয়া সচেতন মহল স্তম্ভিত হৈ পৰিছে।

লগতে পঢ়ক : Set Ablaze by Miscreants in Jonai : দুৰ্বৃত্তই জ্বলাই দিলে জয়নাৰায়ণ ঘাটোৱাৰ নামৰ লোকজনৰ বাসগৃহ