Local, Vocal, Global

Sex racket busted in Arunachal : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত দেহ ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ উৎখাত

নিউজ ডেস্ক,১১মে ‘ : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত দেহ ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ উৎখাত । দেহ ব্যৱসায়ৰ সৈতে জড়িত এহাল দম্পতী । ১০ ৰ পৰা ১৫ বছৰ বয়সৰ কিশোৰীক বলপূৰ্বক দেহ ব্যৱসায়ত নিয়োগ কৰে ইটানগৰৰ টেছি ৰিনা আৰু জামলো টাগুং নামৰ দম্পতীহালে(Sex racket busted in Arunachal, 4 minor girls from Assam rescued)।

শুকুৰবাৰে আৰক্ষীয়ে দেহ ব্যৱসায়ৰ এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই। দেহ ব্যৱসায়ৰ লগত জড়িত এই চক্ৰটোৱে ইটানগৰত কৰ্ম সংস্থাপনৰ প্ৰলোভন দি ধেমাজী আৰু গহপুৰৰ পৰা ৪ গৰাকী কিশোৰীক লৈ গৈ দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰাইছিল(Sex racket busted in Arunachal)।

জানিব পৰা মতে, কিশোৰী সৰবৰাহৰ মূল অভিযুক্ত ইটানগৰতে বসবাস কৰা অসমৰ ধেমাজিৰ দুই ভগ্নী পুষ্পাঞ্জলী মিলি (টুটু) আৰু পূৰ্ণীমা মিলি। ইটানগৰৰ বিবেক বিহাৰত পম্পী-ৰস্নী নামৰ এখন বিউটি পাৰ্লাৰত কাম কৰে মিলি ভগ্নীদ্বয়ে। আন দুজন কিশোৰী সৰবৰাহকাৰী হৈছে গহপুৰৰ পুষ্পা মন্দল আৰু লক্ষ্মী গৌড়। এই কাৰ্যত পুষ্পাঞ্জলীৰ স্বামী দৰং জিলাৰ ইনামুল হ’কেও দালালৰ ৰূপত কাম কৰিছিল।

মোটা অংকৰ ধন লৈ ৰমৰমীয়া দেহ ব্যৱসায় চলাই থকা এই চক্ৰটোৰ বিষয়ে ৪ মে’ত আৰক্ষীয়ে তথ্য লাভ কৰে আৰু অভিযান আৰম্ভ কৰে। অভিযানত আৰক্ষীয়ে নাবালিকাৰ লগত যৌনকাৰ্য কৰাৰ অপৰাধত বহু গ্ৰাহককো গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Tragic Road Accident : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন