Local, Vocal, Global

Odisha train accident : ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,বাতিল অসমলৈ অহা ৰে’ল

নেশ্যনেল ডেস্ক, ৩ জুন: শুকুৰবাৰে নিশা ওড়িশাৰ বালাশ্বৰ জিলাত যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ২৮৮ গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে ৯০০ৰো অধিক যাত্ৰী আহত হোৱাৰ তথ্য পোৱা গৈছে (Collision occurred between passenger train and goods train)। আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত৷ ঘটনাস্থলীত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান৷ হাওৰাৰ পৰা চেন্নাই অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত কৰমণ্ডল এক্সপ্ৰেছ ৷ এখন মালবাহী ৰে’লৰ সৈতে হৈছিল মুখামুখি সংঘৰ্ষ৷ কৰমণ্ডল এক্সপ্ৰেছৰ ১৭ দবাই হৈছে লাইনচ্যুত৷

ওড়িশা চৰকাৰে জনোৱা অনুসৰি, এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ওড়িশা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্ধাৰকাৰী দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল আৰু বৰ্তমানলৈ অব্যাহত আছে উদ্ধাৰ অভিযান ।

চৰকাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ভুৱনেশ্বৰৰ পৰা ওড়িশা অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ সঁহাৰি একাডেমী (Odisha Fire and Disaster Response Academy Bhubaneswar)ৰ পৰা বিভিন্ন উদ্ধাৰ সঁজুলিৰে যোৱা ২৬ জনীয়া এটা অভিযানকাৰী দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । বৰ্তমান এনডিআৰএফ আৰু এছডিআৰএফৰ প্ৰায় ৬০০-৭০০ জোৱানে উদ্ধাৰ অভিযান চলাই গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি ওড়িশাৰ বালাশ্বৰৰ বাহানাগা ষ্টেচনৰ সমীপত এখন মাল ৰে’লত শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ (Shalimar-Chennai Coromandel Express) ৰে’লখনে খুন্দা মৰাৰ ফলত ৰে’লখনৰ বহুকেইটা ডবা লাইনচ্যুত হয় (Odisha train derailed)।

জানিব পৰা মতে, এই শোকাৱহ দুৰ্ঘটনাৰ পাছতেই ৪৮ খনকৈ ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ইয়াৰে ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল বাতিল কৰা হৈছে।

২ জুনৰ 12509 SMVT BENGALURU- GUWAHATI SUPERFAST EXPRESS আৰু আজি পুৱাৰ 12551 SMVB BENGALURU-KAMAKHYA AC SUPERFAST EXPRESS ৰে’লৰ চলাচল বাতিল কৰা হৈছে।

আনহাতে, ৰে’ল বিভাগে ৩৯ খনকৈ ৰে’লৰ যাত্ৰাপথো সলনি কৰিছে। ইয়াৰে ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ অহা ৰে’লৰ সংখ্যা ৫ খন।
১ জুনত যাত্ৰা কৰা 12509 SMVT BENGALURU- GUWAHATI SUPERFAST EXPRESS
২ জুনত যাত্ৰা কৰা 15929 Tambaram-New Tinsukia EXPRESS

২ জুনত যাত্ৰা কৰা 7047 DIBRUGARH- Secunderabad Special

২ জুনত যাত্ৰা কৰা 12503 SMVB- AGARTALA HUMSAFAR EXPRESS

২ জুনত যাত্ৰা কৰা 7029 AGARTALA- SECUNDERABAD SPECIAL

ইয়াৰোপৰিও ৰে’ল বিভাগে ১০ খনকৈ ৰে’ল আংশিকভাৱে বাতিল কৰিছে।

এই শোকাৱহ দুৰ্ঘনাটোৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi),ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু(president droupadi murmu),গৃহমন্ত্ৰী অমিত শ্বাহ(Home Minister Amit Shah), ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে একাংশই গভীৰ শোক প্ৰকাশ কৰিছে।ইয়াৰে সমান্তৰালকৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে আৰু এই ঘটনা সন্দৰ্ভত উচ্চ স্তৰীয়া তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।
। কেন্দ্ৰ চৰকাৰে ইতিমধ্যে নিহত পৰিয়াললৈ ১০লাখ টকা,গুৰুতৰভাৱে আহত লোকসকললৈ ২ লাখ টকা,সামান্য আঘাত প্ৰাপ্তলৈ ৫০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক : Odisha train accident Update : উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩৮ জনলৈ বৃদ্ধি