বিজেডি বিধায়কৰ গাড়ীয়ে মহতিয়ালে ৭জন আৰক্ষীসহ কেইবাজনো লোকক

নিউজ ডেস্ক, ১২ মাৰ্চঃ শনিবাৰে উৰিষ্যাৰ খুৰ্দা জিলাৰ বানাপুৰ চহৰত বিজু জনতা দলৰ এজন নিলম্বিত বিধায়ক প্ৰশান্ত কুমাৰ জগদেৱে তেঁওৰ গাড়ীৰে খুন্দা মৰাৰ ফলত ৭ জন আৰক্ষী কৰ্মীসহ প্ৰায় ২২ জন লোক আহত হয়।
তথ্য অনুসৰি নিৰ্বাচনৰ বাবে বিজেপি সমৰ্থিত পঞ্চায়ত সমিতিৰ সদস্যসকলে এক ৰেলীৰ জৰিয়তে খণ্ড কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তে ৰেলীটোৰ মাজেৰে বিধায়কজনে নিজৰ বাহনখন সুমুওৱাৰ চেষ্টা চলায়।
উত্তেজিত জনতাই জগদেৱৰ গাড়ীখন ভাঙি লণ্ড-ভণ্ড কৰে।
উল্লেখ্য যে, বিগত বছৰৰ অক্টোবৰত এজন স্থানীয় বিজেপি ৰাজনীতিবিদক আক্ৰমণ কৰাৰ বাবে জগদেৱক শাসনাধিষ্ঠিত বিজু জনতা দলৰ পৰা নিলম্বিত কৰা হৈছিল। জগদেৱে খুৰ্দা জিলা পৰিকল্পনা সমিতিৰ অধ্যক্ষ পদো হেৰুৱাইছিল।
ইফালে, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৃথ্বীৰাজ হৰিশ্চন্দ্ৰই বিধায়কজনক তৎক্ষণাৎ গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে।