Local, Vocal, Global

এতিয়াও ঝাৰখণ্ডৰ ৰ’পৱেত আৱদ্ধ হৈ আছে কেইবাজনো যাত্ৰী

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ঝাৰখণ্ডৰ দেওঘৰ জিলাত ত্ৰিকুট ৰ’পৱেৰ দুৰ্ঘটনাত এতিয়াও আবদ্ধ হৈ আছে যাত্ৰী। বায়ু সেনাই ৰ’পৱেত আৱদ্ধ লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
সোমবাৰে নিশা এই অভিযান স্থগিত ৰখা হৈছিল যদিও মঙলবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।

ইয়াৰ পূৰ্বেও, ১১ এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ এটা দলে এম আই-১৭ আৰু এম আই-১৭ ভি ৫ ৰ জৰিয়তে আৱদ্ধ পৰ্যটকসকলক উদ্ধাৰ কৰে আৰু এতিয়ালৈকে ৩২ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।

সোমবাৰে উদ্ধাৰ অভিযানৰ সময়তে এগৰাকী পৰ্যটক হেলিকপ্তাৰৰ পৰা দুৰ্ভাগ্যজনকভাৱে তলত সৰি পৰি মৃত্যুমুখত পৰে।

দেওঘৰ জিলা দণ্ডাধীশ মঞ্জুনাথ ভজনত্ৰীয়ে জনোৱা মতে, বায়ু সেনাৰ উদ্ধাৰকাৰী দলে কেবল কাৰত আৱদ্ধ পৰ্যটকসকলক খাদ্য আৰু পানী যোগান ধৰি আহিছে ।