Boat Capsizes In Bihar’s Chhapra : ভয়ংকৰ নাও দুৰ্ঘটনা,মৃত্যু তিনিজনৰ, সন্ধানহীন বহুলোক
নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ: ভয়ংকৰ নাও দুৰ্ঘটনা ।মৃত্যু তিনিজনৰ, সন্ধানহীন ১৮ জনতকৈ অধিক লোক(Boat Capsizes In Bihar’s Chhapra) ।
এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে বিহাৰত । বিহাৰৰ সাৰণ জিলাৰ মাঞ্জী থানাৰ অন্তৰ্গত মাটিয়াৰ ঘাটত বুধবাৰে সৰযু নদীত সংঘটিত হৈছে এই নাও দুৰ্ঘটনাটো ।
এই ভয়ংকৰ দুৰ্ঘটনাটোত ১৮জনকৈ লোক নিৰুদ্দেশ হয় যদিও ইয়াৰে তিনিজনৰ মৃতদেহ প্ৰশাসনে উদ্ধাৰ কৰে । বৰ্তমানেও আৰক্ষী আৰু ডুবাৰুৰ এটা দলে সন্ধানহীন লোককেইজনৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে(18 missing after boat capsizes in Bihar’s Chhapra) ।
জানিব পৰা মতে, নাওদুৰ্ঘটনাত সন্ধানহীন আটাইকেইজন লোকে কৃষক । বুধবাৰে ডায়াৰাত খেতি কৰি আটাইকেইজন নাওত উঠি নিজ নিজ ঘৰলৈ উভতি আহি থকা অৱস্থাত হঠাৎ সৰ্যু নদীত নাওখন বাগৰি পৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত নদীৰ পাৰত উপস্থিত আছিল একাংশ গাঁওবাসী । নাওখন উলটি যোৱা দেখি গাঁৱবাসীয়ে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে । লোকসকলৰ চিঞৰ-বাখৰ শুনি আনলোক উপস্থিত হয় ঘটনাস্থলীত আৰু আৰক্ষীক খবৰ দিয়ে । আৰক্ষীক ঘটনাৰ খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ অভিযান চলাই । উদ্ধাৰ অভিযানত তিনিজনক লোকক উদ্ধাৰ কৰে যদিও বাকী আন ১৫জন লোকৰ সন্ধান বিচাৰি নাপায়(3 dead, several missing as boat capsizes in Saryu River in Bihar’s Saran; rescue operation underway) ।
উল্লেখ্য যে, মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়া হৈছে । আনহাতে বৰ্তমানো সন্ধানহীন হৈ আছে বহুকেইজন লোক ।
ইফালে নিশা আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত অসুবিধা হয় আৰু পুনৰ বৃহস্পতিবাৰে পুৱা পুনৰ অভিযান চলাই ” ৷ বৰ্তমানেও সন্ধানহীনলোকক বিচাৰি নদীৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনৰ লোকে ৷