Manipur violence: অশান্ত মণিপুৰ,অব্য়াহত আছে মণিপুৰৰ উত্তেজনা
নেশ্যনেল ডেস্ক, ৬ আগষ্ট : অশান্ত মণিপুৰ । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ।অব্য়াহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা। ৩ মাহৰ পৰা জ্বলি থকা মণিপুৰৰ জুইৰ যেন এতিয়াও হ্ৰাস হোৱা নাই(Manipur violence)। পুনৰ জুইৰ লেলিহান শিখাই মণিপুৰৰ আকাশ চানি ধৰিছ(Several houses set on fire in Imphal) । সমান্তৰালকৈ অব্যাহত আছে হত্যাৰ দৰে জঘণ্য ঘটনা।পশ্চিম ইম্ফল জিলাত ১৫ টাকৈ বাসৃহত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই । ছেকন এলেকাটো এটা বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও বাসগৃহত অগ্নিসংযোগ কৰে। যাৰ ফলত পৰিৱেশ শান্ত হ’বলৈ আৰম্ভ কৰা মণিপুৰত পুনৰ উত্তেজনাই বিৰাজ কৰে(Several houses set on fire in Imphal) ।
শনিবাৰে সন্ধিয়া মণিপুৰৰ লেংগল গেমছ গাঁৱত সংঘটিত হয় আন এক ঘটনা। জানিব পৰা মতে একাংশ লোকে গাঁওখনত উত্তেজনাময়ৰ পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ ফলত এই ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰে লগতে শূন্যলৈ গুলী চালনা কৰে।তাৰ পাছতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় গাওঁখনৰ ৪৫ বছৰীয়া এজন যুৱক(15 houses burnt more paramilitary forces deployed)।
গুলীবিদ্ধ হোৱা লোকজনক আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰে ৷ বৰ্তমান আঘাতপ্ৰাপ্ত লোকজনৰ স্বাস্থ্যৰ অৱস্থাত উন্নত হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ।
দেওবাৰ অৰ্থাত আজি পুৱা পৰিস্থিতিৰ কিছু উন্নতি ঘটিছিল যদিও বৰ্তমানেও নিষেধাজ্ঞা অব্যাহত আছে বুলি জানিবলৈ পৰা গৈছে ।ইফালে, শনিবাৰে ইম্ফল উপত্যকাত ২৭ টা বিধানসভা সমষ্টিৰ সমন্বয়ক সমিতিয়ে আহ্বান কৰা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
ইয়াৰ পূৰ্বে শনিবাৰ আৰু শুকুৰবাৰৰ মাজৰ নিশা এজন বৃদ্ধ আৰু তেওঁৰ পুত্ৰকে ধৰি তিনিজন লোকক হত্যা কৰাৰ দৰে নৃশংস ঘটনা পোহৰলৈ আহিছিল। বন্দুক আৰু তৰোৱাল লৈ সন্দেহযুক্ত উগ্ৰপন্থীয়ে কোৱাকটা লামখাই গাঁৱত অভিযান চলাই নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰাৰ ফলত থিতাতে তিনিজন লোকৰ মৃত্যু হয় । এই আক্ৰমণত দুই এজন লোক আহত হয় বুলিও জানিব পৰা গৈছে ।
সমান্তৰালভাৱে উগ্ৰপন্থীয়ে দুজন গাঁৱৰ লোককো অপহৰণ কৰে বুলি জানিব পৰা গৈছে যদিও এইক্ষেত্ৰত বৰ্তমানলৈ কোনো নিশ্চিত তথ্য লীভ কৰিবলৈ সক্ষম হোৱা নাই ৷ক্ৰমাগত হাৰত হিংসাত্মক ক্ৰিয়াকলাপ বৃদ্ধি হৈ অহাৰ পিচতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত দহটা শাখাক মণিপুৰলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মে’ মাহত মণিপুৰত সংঘটিত হোৱা এই জাতিগত সংঘৰ্ষ যোৱা তিনিমাহ ধৰি অব্যাহত আছে আৰু ১৬০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে ।
লগতে পঢ়ক :Manipur violence: অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা