Local, Vocal, Global

Explosion Occurs At Fire Cracker Factory : আতচবাজীৰ দোকানত ভয়ংকৰ বিস্ফোৰণ; নিহত ৮জনকৈ লোক, আহত ৬গৰাকী লোক

নেশ্যনেল ডেস্ক, ৯অক্টোবৰ : আতচবাজীৰ দোকানত ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণ ফলত নিহত ৮জনকৈ লোক আৰু আহত ৬গৰাকী লোক( Explosion Occurs At Fire Cracker Factory) ।

উল্লেখ্য যে ,তামিলনাডুত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ঘটনা । সোমবাৰে পুৱা তামিলনাডুৰ ৰাজেন্দ্ৰনে আৰিয়ালুৰ জিলাৰ ভিৰাকালুৰ গাঁৱত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো । ইয়াজ ক্ৰেকাৰ নামৰ এখন দোকানত আতচবাজী বিস্ফোৰণ হৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Several feared dead after explosion at firecracker factory in Ariyalur) ৷

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈকে এগৰাকী মহিলাসহ ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত লোকসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ থাঞ্জাভুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়(At least two dead and 8 injured in explosion at private cracker unit in Ariyalur district) ৷

এই অগ্নিকাণ্ডৰ ফলত ১ খন ভান, ৯ খন মটৰচাইকেল আৰু এখন ট্ৰেক্টৰ জ্বলি ভষ্মীভূত হয় ৷ ইতিমধ্যে দুটা আচতবাজীৰ ভাণ্ডাৰ ভস্মীভূত হৈছে ৷

ইফালে এই ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনি আতংকিত হৈ পৰে স্থনীয় লোকসকল ৷ স্থানীয় লোকসকলে আতচবাজীৰ ধোঁৱা আৰু জুই দেখি ঘটনাস্থলীত উপস্থিত হয় ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰিয়ালুৰ আৰু ইয়াৰ সমীপৰ অঞ্চলৰ পৰা তিনিখন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে ৷

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আয়ুক্ত এনি মেৰী আৰু জিলা আৰক্ষী অধীক্ষক আব্দুল্লা । ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্ট জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে( Explosion Occurs At Fire Cracker Factory In Ariyalur) ।

ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা প্ৰায় আধা কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ আতচবাজী সামগ্ৰী যাতে বিয়পি নপৰে তাৰ বাবে অঞ্চলটোত আৰক্ষী মোতায়েন কৰা হয় ৷

আনহাতে কিলাপালুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ৰুজু কৰিছে এটা গোচৰ আৰু এই গোচৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

ইফালে ৰাজহ বিভাগ আৰু আৰক্ষীয়ে আহত আৰু মৃতলোকসকলৰ এখন তালিকা প্ৰস্তুত কৰে ৷ খবৰ অনুসৰি এই বিস্ফোৰণৰ পিছতে দোকানখনত কাম কৰি থকা বহু লোকে পলায়ন কৰে ৷

লগতে পঢ়ক :Sikkim Flash Floods: ছিকিমত আৱদ্ধ হৈ পৰা অসমৰ শিক্ষাৰ্থীক সুকলমে উভতাই অনা হয়