Local, Vocal, Global

Several Explosions Reported Near US Consulate : ইৰাকৰ ইৰবিলস্থিত মাৰ্কিন দূতাবাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা

ইণ্টাৰনশ্যনেল ডেস্ক, ১৬জানুৱাৰী : ইৰাকৰ ইৰবিলস্থিত মাৰ্কিন দূতাবাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা(Several Explosions Reported Near US Consulate) ৷ সোমবাৰে সন্ধিয়াই ইৰাণে ঘোষণা কৰে যে ইৰানে “চোৰাংচোৱা মুখ্য কাৰ্যালয় আৰু ইৰাণ বিৰোধী সন্ত্ৰাসবাদী গোটৰ সমাৱেশ”ৰ বিৰুদ্ধে আক্ৰমণ চলাইছে(Several Explosions Reported Near US Consulate in Iraq’s Erbil) ৷

জানিব পৰা মতে, অৰ্ধ স্বায়ত্ত শাসিত কুৰ্দি অঞ্চলৰ মুখ্য কাৰ্যালয় ইৰবিলত থকা মাৰ্কিন দূতাবাসৰ সমীপৰ এটা উন্নত অঞ্চলত নিক্ষেপ কৰা হয় এই ক্ষেপণাস্ত্ৰ ।

কুৰ্দি আঞ্চলিক চৰকাৰৰ নিৰাপত্তা পৰিষদে এক বিবৃতিত কয় যে এই আক্ৰমণত চাৰিজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৬ জন আহত হয়(Iran Claims Responsibility for Blasts Near US Consulate in Iraq) ৷

এক্সৰ এক পোষ্টত ইৰাকৰ সংসদৰ প্ৰাক্তন সদস্য মাছান আল জাবুৰীয়ে কয় যে , ” এটা ক্ষেপণাস্ত্ৰ ডিজাইৰৰ প্ৰাসাদ অৰ্থাৎ মোৰ ঘৰৰ কাষত পৰে ৷ ছালাহ আল-দিন ৰিজৰ্টলৈ যোৱা এই পথটোত নিৰ্মাণৰ কাম চলি আছে ।”ইয়াৰ কিছু সময়ৰ পিছতে চৰকাৰী সংবাদ মাধ্যমত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ এক বিবৃতিত কোৱা হৈছে যে ইৰাণে ছিৰিয়াত ইছলামিক ষ্টেটৰ লক্ষ্যকে ধৰি “সন্ত্রাসবাদী অভিযান” ত আঘাত হানে “আৰু কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ধ্বংস কৰিছে” ।

আন এটা বিবৃতিত ইৰাকৰ কুৰ্দি অঞ্চলৰ ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মুখ্য কাৰ্যালয়ত আঘাত হনা হৈছে বুলি দাবী কৰা হৈছে । ইছলামিক ষ্টেটৰ উগ্ৰপন্থী সংগঠনটোৱে চলিত মাহৰ আৰম্ভণিতে ২০২০ চনত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত ইৰাণী সেনাপতিৰ স্মৃতি অনুষ্ঠানক লক্ষ্য কৰি দুটা আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

কেৰমানত সংঘটিত হোৱা এই আক্ৰমণত ৰিভল্যুচনেৰী গাৰ্ড জেনেৰেল কাছেম ছলেমানীক সন্মান জনোৱা অনুষ্ঠানত কমেও ৮৪ জন লোক নিহত হোৱাৰ লগতে অতিৰিক্ত ২৮৪ জন লোক আহত হয় । ইৰাণৰ এজন উচ্চ পদস্থ জেনেৰেল ছেইদ ৰাজী মৌছাভিক ডামাস্কাছৰ চুবুৰীত বিমান আক্ৰমণ চলাই হত্যা কৰা হৈছিল বুলি যোৱা মাহত ইৰাণে ইজৰাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল (US condemns in ‘Strongest Terms’ Iran’s Missile Strikes)।

লগতে পঢ়ক : Jamugurihat Road Accident: ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে জামুগুৰিহাটত পথ দুৰ্ঘটনা