Local, Vocal, Global

Several Delhi schools receive bomb threats:ৰাজধানী দিল্লীৰ ৪০খনতকৈ অধিক বিদ্যালয়লৈ ই-মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ

নিউজ ডেস্ক,৯ডিচেম্বৰ : দিল্লীৰ বিদ্যালয়ত বোমাতংক।বিদ্যালয়লৈ ই-মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ।ৰাজধানী দিল্লীৰ ৪০খনতকৈ অধিক বিদ্যালয়লৈ ই-মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ(Several Delhi schools receive bomb threats)।

ই-মেইলত উল্লেখ আছে… ‘‘মই স্কুলৰ ভিতৰত বহুকেইটা বোমা সংস্থাপন কৰিছো। বোমাসমূহ সৰু আৰু ভালদৰে লুকুৱাই ৰখা হৈছে। বৃহৎ ক্ষতি নহ’লেও,বহু লোক আহত হ’ব পাৰে ইয়াৰ বিস্ফোৰণৰ ফলত। যদিহে মই ৩০,০০০ মাৰ্কিন ডলাৰ নাপাওঁ তেন্তে বোমাসমূহ বিস্ফোৰণ ঘটাম।’’

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, দেওবাৰে নিশা ১১.৩০ বজাত প্ৰেৰণ কৰা হৈছিল এই ই-মেইল।

পশ্চিম বিহাৰৰ ডিপিএছ আৰ কে পুৰম আৰু জিডি গোৱেংকা স্কুলকে ধৰি ৪৪খন বিদ্যালয়লৈ ভাবুকি দুৰ্বৃত্তৰ। সোমবাৰে পুৱা দিল্লীৰ ৪০ খনতকৈও অধিক বিদ্যালয়ে বোমাৰ ভাবুকি পোৱাৰ পিছতে শিক্ষাৰ্থীসকলক ঘৰলৈ ঘূৰাই পঠোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে(Bomb threats to over 40 Delhi schools trigger panic)।

লগতে পঢ়ক :Badminton referee from Bangladesh found dead in Assam hotel: গুৱাহাটীৰ হোটেলত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন ৰেফাৰীৰ মৃত্যু