Local, Vocal, Global

Several accused of looting money in Bajrang Dal’s name : বজৰং দলৰ নামত ধন লুট কৰাৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে

ডুমডুমা, ২০ ফেব্ৰুৱাৰী : এইবাৰ বজৰং দলৰ নামত ধন লুট কৰাৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে । নিশা গৰু সৰবৰাহৰ ট্ৰাকৰ পৰা বজৰং দলৰ নামত ধন লুট একাংশ দুষ্ট চক্ৰৰ(Several accused of looting money in Bajrang Dal’s name) ।

তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এই ঘটনাটো । সোমবাৰে নিশা তিনিচুকীয়া জিলাৰ ডুমডুমাত গৰু সৰবৰাহ কৰা ট্ৰাকৰ পৰা বজৰং দলৰ নামত ধন লুট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পৰা অহা এখন গৰুভৰ্তি ট্ৰাক ডুমডুমাৰ হাঁহচৰাত ৰখাই চালকক মাৰপিট কৰাৰ লগতে দলটোৱে নগদ ধনৰ লগতে ম’বাইল লৈ উধাও হয় বুলি অভিযোগ কৰে ট্ৰাকৰ চালকে ৷ মদ্যপান কৰি থকা যুৱকৰ দলটোৱে চালকৰ পৰা নগদ ৮১ হাজাৰ টকাৰ লগতে দুটা ম’বাইল লৈ উধাও হয়(There are many people who are accused of looting money in the name of Bajrang Dal) ৷

ইয়াৰ পিচতেই ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী কাষত উপস্থিত হয় ভুক্তভোগী ট্ৰাক দুখনৰ চালক দুজন ৷ দুৰ্বৃত্তৰ দলটোৱে বজৰং দলৰ সদস্য বুলি চিনাকি দিয়াৰ অভিযোগ কৰিছে ট্ৰাক চালকে ৷ পৰৱৰ্তী সময়ত সাংবাদিক উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে বজৰং দল বুলি চিনাকি দিয়া দুৰ্বৃত্তৰ দলটোৱে ৷ ইফালে, ট্ৰাকখনত গৰু সৰবৰাহ কৰা ‘কেটেল পাৰ্মিট’ নথকাৰ কথা স্বীকাৰ কৰে ট্ৰাকৰ চালকে(Many people accused of looting money in the name of Bajrang Dal) ৷

লগতে পঢ়ক : Assam DGP GP Singh Responds To Security Breach At Dibrugarh Central Jail : ডিব্ৰুগড়ত উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং