Local, Vocal, Global

Several Aadhaar cards recovered from pit in Bongaigaon : বঙাইগাঁৱত পানী থকা গাঁতৰ পৰা উদ্ধাৰ আধাৰ কাৰ্ড

বঙাইগাঁও,১৬ছেপ্তেম্বৰ : বঙাইগাঁও জিলাৰ উডুবী গাঁও পঞ্চায়তৰ অন্তৰ্গত সুঁতিৰমুখ গাঁৱত নিশা হঠাৎ লাগিল হুৱাদুৱা। পানী থকা গাঁত এটাৰ উদ্ধাৰ একাধিক নথিপত্ৰ। গাঁৱখনৰ কিছু লোকৰ আধাৰ কাৰ্ড উপঙি আছিল পানীৰ ওপৰ। উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা আধাৰ কাৰ্ডক লৈ নিশাই সৃষ্টি গাওঁখনত তীব্ৰ চাঞ্চল্য(Several Aadhaar cards recovered from pit in Bongaigaon)।

জানিব পৰা মতে গাঁৱখনৰ অধিকাংশ লোকে আধাৰ কাৰ্ড বনাইছে যদিও আজিলৈ লাভ কৰা নাই আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বিচাৰি ডাকঘৰত গৈ গৈ ভাগৰি পৰিছে গাঁওবাসী। কিন্তু ডাকঘৰলৈ তাতবাতি কাঢ়িও আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম নহ’ল একাংশ লোক। সময় মতে আধাৰ কাৰ্ড লাভ নকৰাত বহু লোকে ইতিমধ্যে হেৰুৱাইছে ৰেচন কাৰ্ড।

কিন্তু হঠাৎ গাঁৱখনৰ এটা বাঁহ গছৰ তলৰ গাঁতৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় কিছু লোকৰ আধাৰ কাৰ্ড। ৰাইজৰ সন্দেহ কিছু আধাৰ কাৰ্ড উদ্ধাৰ হৈছে যদিও পানীত বুৰ গৈছে শতাধিক আধাৰ কাৰ্ড। কিন্তু কোনে কি কাৰণত নষ্ট কৰিলে আধাৰ কাৰ্ড এয়াও ৰহস্যৰ আৱৰ্তত(Several Aadhaar cards recovered from pit in Bongaigaon)।

লগতে পঢ়ক :ADRE there will be sop for searching female candidates :পৰীক্ষাগৃহত তালাচীৰ বাবে শীঘ্ৰে প্ৰস্তুত হ’ব SOP : মুখ্যমন্ত্ৰী