Horrific accident : বিহাৰত শোকাৱহ দুৰ্ঘটনা,ৰৈ থকা ট্ৰাকত খুন্দা স্ক্ৰপিঅ’ বাহনৰ
নেশ্যনেল ডেস্ক,৩০আগষ্ট : বিহাৰত শোকাৱহ দুৰ্ঘটনা । ট্ৰাক আৰু স্ক্ৰপিঅ’ বাহনৰ মাজত সংঘৰ্ষ । ফলত মৃত্য়ু ৭জনকৈ লোকক(Horrific accident) ।
বিহাৰৰ ৰোহতাছ জিলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বুধবাৰে পুৱতি নিশা প্ৰায় ৩মান বজাত বিহাৰৰ ৰোহতাছ জিলা ২ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দিয়ালে স্ক্ৰপিঅ’ বাহনে ৷ ৰৈ থকা ট্ৰাকক মহতিয়াই নিয়ে স্ক্ৰপিঅ’ বাহনখনে ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো(Seven dead as speeding car crashes into parked truck in Bihar Sasaram) ।
প্ৰাপ্ত তথ্য অনুসৰি, এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে আহত হয় ৪ জনকৈ লোক ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ দুৰ্ঘটনাত আহত হোৱা লোকসকলকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, আহতলোকসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে মৃত আটাইকেইজন বিহাৰৰ কাইমুৰ জিলাৰ কুদাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে(Seven killed five injured as SUV rams into parked truck in Bihar) ।
জানিব পৰা মতে, স্ক্ৰপিঅ’ বাহনখনত থকা যাত্ৰীসকল ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা নিজ গাঁৱৰ অভিমুখে গৈ আছিল ৷ বাহনখনত এটা পৰিয়াল আছিল আৰু কিছু ব্যক্তিগত কামৰ বাবে ৰাঁচীলৈ গৈছিল পৰিয়ালটো । খবৰ অনুসৰি, বাহনখনৰ চালকজনে গাড়ীখন চলাই থকাৰ সময়তে টোপনি গৈছিল যাৰ ফলত বাহনখনে পিছফালৰ পৰা ৰাজপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে ৷ এই দুৰ্ঘটনাটোৰ সময়ত বাহনখনত ১২ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷
এই ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ লগে লগে স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আৰক্ষী আৰু স্থানীয়লোকে আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি সমীপৰ চিকিৎসালয় প্ৰেৰণ কৰে(Seven members of family killed in Bihar road mishap) ৷
আৰক্ষীয়ে ইতিমধ্যে এই দুৰ্ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে সম্প্ৰতি মৃত ব্যক্তিসকলৰ পৰিচয় নিশ্চিত কৰিছে। আৰু পৰিয়ালৰ সদস্যসকলক ঘটনাৰ সম্পৰ্কে অৱগত কৰে । আৰক্ষীয়ে মৃতলোকসকলক মৰণোত্তৰ পৰীক্ষাৰ পিছতে পৰিয়ালৰ লোকক চমজাই দিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :Manipur cops arrest 4 militants : পুনৰ মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠনৰ সদস্য