Local, Vocal, Global

Road Accident in Nepal : নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ; নিহত ৭জন, আহত ৩০ জন

নেশ্যনেল ডেস্ক, ৬ মাৰ্চ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত ৭জন, আহত ৩০জনকৈ লোক(Road Accident in Nepal) ।

নেপালত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা । বুধবাৰে নেপালৰ লুম্বিনী নদীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন যাত্ৰীবাহী বাছ । ফলত থিতাতে নিহত হয় ৬ জনকৈ লোক । গুৰুতৰভাৱে আহত ৩০জন লোক ।
দুৰ্ঘটনাগ্ৰস্ত বাছখনত মুঠ ৫১ জন যাত্ৰী আছিল(Seven killed, 30 injured in road accident in Nepal) ।

জানিব পৰা মতে, নেপালৰ দাধিঙৰ ঘাটবেনচিলৈ যাত্ৰী কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্থ বাছখনে । বুধবাৰে পুৱা নেপালৰ কপিলবাস্তুৰ কাঠমাণ্ডুৰ পৰা বাছখন ৰাওনা হৈছিল । যাত্ৰীবাহী বাছখন পাহাৰীয়া অঞ্চলৰ মাজেৰে নদীৰ ওপৰৰ পথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল ।

দাধিঙৰ ৫ নং গাজুৰী গাঁৱৰ পৌৰসভাৰ ঘাটবেনচি নামৰ স্থানত পুৱা প্ৰায় ৫ বজাত কপিলবাস্তুৰ কাঠমাণ্ডুলৈ যোৱাৰ সময়ত বাছ নম্বৰ LU-2B-2121 অসন্তুলিত হৈ লুম্বিনী নদীত পৰি যায় ।যাত্ৰীবাহী বাছখন নদীৰ গভীৰতা বেছি হোৱা বাবে প্ৰায় সম্পূৰ্ণ বুৰ যায় । বাছখন নদীত পৰাৰ লগে লগে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়(Seven killed, 30 injured in road accident in Nepal) ।

নেপালৰ জিলা আৰক্ষী কাৰ্যালয় ধেদিঙৰ চেণ্টিনেল মুখপাত্ৰ চাব-ইন্সপেক্টৰ সান্তুলল প্ৰসাদ জয়ছোৱালে কয় যে দুৰ্ঘটনাত পতিত বাছখনত চালকসহ ৫১ জন যাত্ৰী আছিল । এতিয়ালৈকে নদীৰ পৰা ৩৮ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে । গুৰুতৰভাৱে আহত সাতজন যাত্ৰীক কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হৈছে । বাকীসকলক গজুৰীৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । ৰূপান্দেহী লুম্বিনী সংস্কৃতি পৌৰসভা ৯ ৰ বাসিন্দা ৩৮ বছৰীয়া হৰি ৰাম নামৰ বাছ চালকজনক নেপাল আৰক্ষীয়ে ইতিমধ্যে আটক কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : 5 of family dead in LPG cylinder blast in UP’s Kakori : বিবাহ বাৰ্ষিকী খাবলৈ যোৱাৱে হ’ল কাল; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫জন, আহত ৪জন