Local, Vocal, Global

গাঁঞ্জা বিক্ৰী কৰাত জড়িত থকাৰ অভিযোগত সাতজন GRP জোৱানক শাস্তিমূলকভাৱে অব্যাহতি

নিউজ ডেস্ক, ২৩ জুলাই : শনিবাৰে জব্দ কৰা গাঁঞ্জা বিক্ৰী কৰাত জড়িত থকাৰ অভিযোগত গুৱাহাটীৰ কামাখ্যা জংচনত নিয়োজিত প্ৰায় সাতজন চৰকাৰী ৰে’ল আৰক্ষী (GRP) জোৱানক শাস্তিমূলকভাৱে অব্যাহতি দিয়া হৈছে।

বাতৰি অনুসৰি, ৰে’লৱে আৰক্ষীসকল চোৰাং ব্যৱসায়ৰ সময়ত জব্দ কৰা গাঁঞ্জা বিক্ৰী কৰাৰ লগত জড়িত আছিল।

বিষয়াসকলে জনায় যে, পূৰ্ণ দাস নামৰ এজন GRP কৰ্মী গাঁঞ্জা বিক্ৰী কৰিবলৈ যাওঁতে গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁলোকে কৈছিল যে ২ জুলাইত কামাখ্যা জংচনত চলোৱা এটা অভিযানৰ সময়ত গাঁঞ্জাসমূহ উদ্ধাৰ কৰা হৈছিল। আৰু সেইদিনা কৰ্তব্যৰত সকলো আৰক্ষী কৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে।

উল্লেখ্য যে, শাস্তিমূলকভাৱে অব্যাহতি দিয়া কৰ্মচাৰীসকলক Balen Barman, Amal Kalita, Pranab Basumatary, Satya Das, Sailen Kakoty, Kuldeep Dekaআৰু Ismail Ali বুলি চিনাক্ত কৰা হৈছে।