Local, Vocal, Global

Set Ablaze by Miscreants in Jonai : দুৰ্বৃত্তই জ্বলাই দিলে জয়নাৰায়ণ ঘাটোৱাৰ নামৰ লোকজনৰ বাসগৃহ

নিউজ ডেস্ক,২৫জুলাই : দুৰ্বৃত্তই জ্বলাই দিলে বাসগৃহ । জোনাইৰ অকলেন গাঁৱৰ জয়নাৰায়ণ ঘাটোৱাৰ নামৰ ব্যক্তিজনৰ বাসগৃহ জ্বলাই দিলে দুৰ্বৃত্তই ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া অকলেন গাঁৱৰ নিবাসী জয়নাৰায়ণ ঘাটোৱাৰ নামৰ ব্যক্তিজনৰ লগত একেখন গাঁৱৰে নিবাসী জয়ন্ত ডেকা আৰু জীতেন মুণ্ডা নামৰ ব্যক্তি দুজনে তৰ্ক-বিতৰ্কত লিপ্ত হয় । তেনে সময়তে জয়ন্ত ডেকা আৰু জীতেন মুণ্ডাই জয়নাৰায়ণ ঘাটোৱাৰৰ পত্নীৰ নাম লৈ বিভিন্ন অশ্লীল গালি গালাজ কৰি জয়নাৰায়ণ ঘাটোৱাৰক প্ৰহাৰ কৰে যদিও উক্ত স্থানৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায় যাবলৈ সক্ষম হয় জয়নাৰায়ণ ঘাটোৱাৰ (House Vandalized, Set Ablaze by Miscreants in Jonai)।

ইফালে লোক দুজনৰ ভয়ত জয়নাৰায়ণ ঘাটোৱাৰে তেওঁৰ মাহীয়েকৰ ঘৰত নিশা কটোৱাৰ সময়তে জয়ন্ত ডেকা আৰু জীতেন মুণ্ডাই জয়নাৰায়ণ ঘাটোৱাৰৰ ঘৰটো জ্বলাই লণ্ডভণ্ড কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ।

এই ঘটনাৰ পিচতে পুৱতি নিশা জোনাই থানাত উপস্থিত হৈ জয়নাৰায়ণ ঘাটোৱাৰে ব্যক্তি দুজনক উচিত শাস্তিৰ দাবী কৰি জোনাই থানাত দাখিল কৰে এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক : ৰাস্তাই-ঘাটে ভুলতো এৰাল নিদিব গৰু-ছাগলী! গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি প্ৰশাসনৰ!