Local, Vocal, Global

Separatist Amritpal Singh to fight Lok Sabha polls, confirms his mother : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে – অমৃতপাল সিঙৰ মাতৃ

নিউজ ডেস্ক,২৭এপ্ৰিল : শনিবাৰে অমৃতপাল সিঙৰ মাতৃ বলৱিন্দৰ কৌৰে প্ৰকাশ কৰা অনুসৰি খালিস্তানী সমৰ্থক বিচ্ছিন্নতাবাদী তথা ৱাৰিছ পঞ্জাব ডি মুৰব্বী অমৃতপাল সিঙে খাদূৰ চাহাব লোকসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।লগতে সিঙৰ মাতৃয়ে কয় যে, নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ ওপৰত হেঁচা দিয়া হৈছে। এতিয়া তেওঁ খদূৰ চাহাবৰ পৰা ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিব(Separatist Amritpal Singh to fight Lok Sabha polls, confirms his mother) ৷

উল্লেখ্য যে, বৰ্তমান অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে খালিস্তানী সমৰ্থক নেতাগৰাকী । “নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অমৃতপাল সিঙৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু এতিয়া তেওঁ খদূৰ চাহাব লোকসভা সমষ্টিৰ পৰা ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে । এই নিৰ্বাচন তেওঁ কোনো দলৰ মঞ্চত যুঁজিব নোৱাৰে । এই নিৰ্বাচন নিৰ্দলীয় হিচাপে যুঁজিব ।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় বলৱিন্দৰ কৌৰে ।

অমৃতপালে পঞ্জাবৰ বিষয়সমূহ ভালদৰে জানে আৰু সেই বিষয়সমূহৰ ওপৰত এই নিৰ্বাচনত যুঁজ দিব বুলিও তেওঁ লগতে কয়(Separatist Amritpal Singh to fight Lok Sabha polls, confirms his mother) ।

সিঙৰ পিতৃ তৰ্চেম সিঙে এতিয়ালৈকে একো নিশ্চিত হোৱা নাই আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত স্থানীয় লোকৰ হ’ব লাগে বুলি কয় । অমৃতপাল সিঙে ইচ্ছা কৰিলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈ লোকসভা নিৰ্বাচনত যুঁজ দিয়াৰ কথা নস্যাৎ কৰাৰ এদিন পিছতে এই তথ্য পোহৰলৈ আহিছে ।

“এয়া আমাৰ সিদ্ধান্ত হ’ব নোৱাৰে । স্থানীয় ৰাইজৰ সিদ্ধান্ত হ’ব লাগে । প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো ইচ্ছাশক্তি নাই যদিও ৰাইজে বিচাৰিলে কৰিব ।” বৃহস্পতিবাৰে ডিব্ৰুগড় কাৰাগাৰত পুত্ৰৰ সৈতে হোৱা চমু সাক্ষাৎকাৰৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তৰ্চেম সিঙে এইদৰে কয় ।

ইয়াৰ পূৰ্বে অমৃতপল সিঙৰ আইনী অধিবক্তা ৰাজদেৱ সিং খালছায়ো পঞ্জাবৰ খাদুৰ চাহাব সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দাবী কৰিছিল । যোৱা বছৰৰ এপ্ৰিল মাহত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে কঠোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰা হৈছিল । তেওঁ আৰু তেওঁৰ সহযোগী ৯ জন সম্প্ৰতি অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে । যোৱা মাহত চৰকাৰে অমৃতপাল আৰু তেওঁৰ ৯ জন সহযোগীৰ বিৰুদ্ধে এন এছ এৰ ম্যাদ বৃদ্ধি কৰিছিল ।

পঞ্জাব আৰক্ষীয়ে তেওঁৰ বাবে ব্যাপক মেনহাণ্ট আৰম্ভ কৰাৰ দিনাৰ পৰা বিগত বৰ্ষৰ ১৮ মাৰ্চৰ পৰা পলায়ন কৰি আছিল সিঙে । অমৃতপালৰ এজন সহায়ক লাভপ্ৰীত টুফানক মুকলি কৰি দিয়াৰ দাবীত অমৃতৰ সমৰ্থকে ২৩ ফেব্ৰুৱাৰীত অমৃতসৰৰ অজনলা আৰক্ষী থানাত তাণ্ডৱ সৃষ্টি কৰাৰ তিনি সপ্তাহৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক : Amit Shah To Hold Mega Roadshow In Guwahati On April 29 : সোমবাৰে গুৱাহাটীত চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে