Sentences Handed Down in Assam Cash-for-Jobs Scandal : APSC কেলেংকাৰি ! ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা

নিউজ ডেস্ক,২৯জুলাই : ৰায়দান দিলে গুৱাহাটীৰ বিশেষ আদালতে ।APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষীৰ শাস্তি ঘোষণা। APSCৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিলে আদালতে । ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড। লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে ছামেদুৰ ৰহমান আৰু বসন্ত দলেক। ছামেদুৰ ৰহমান আৰু বসন্ত দলে আছিল APSCৰ সদস্য(Sentences Handed Down in Assam Cash-for-Jobs Scandal) ।
আন ২৯ অভিযুক্তক ৪ বছৰৰ কাৰাদণ্ড বিহে বিশেষ ন্যায়ধীশ আদালতে। শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা,বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল,জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুঙক ৪ বছৰৰ কাৰাদণ্ড। ৪ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাও বিহিলে আদালতে(Sentences Handed Down in Assam Cash-for-Jobs Scandal)।
লগতে পঢ়ক : Wild buffalo terror : মৰাণত বনৰীয়া ম’হৰ সন্ত্ৰাস;নিহত এজন, আহত এজন