Sensational Robbery Incident : ব্যৱসায়ীক বেটেৰে কোবাই দুৰ্বৃত্তই লুটি নিলে ১৬ লাখ টকা
নিউজ ডেস্ক, ২৬ নৱেম্বৰ : যোৰহাটত চাঞ্চল্যকৰ ডকাইতিকাণ্ড । জনসাধৰণ গিজগিজাই থকাৰ মাজতে ব্যৱসায়ীক বেটেৰে কোবাই দুৰ্বৃত্তই লুটি নিলে ১৬ লাখ টকা(Sensational Robbery Incident) ।
শনিবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত যোৰহাটৰ মাৰোৱাৰী পট্টিত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইতি কাণ্ড ।
এই ডকাইতিকাণ্ডই যোৰহাটত নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে(Sensational Robbery Incident in Jorhat) ।
প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ মাৰোৱাৰী পট্টিত পাইকাৰী বস্ত্ৰ ব্যৱসায়ী জানভী টেক্সটাইলৰ স্বত্বাধিকাৰী কমল ডালমিয়াৰ পুত্ৰ মিহিৰ ডালমিয়াই দোকান বন্ধ কৰি নিজৰ ঘৰ অভিমুখে গৈ আছিল ৷ লগতে মিহিৰ ডালমিয়াই লগত লৈ গৈছিল টকা ভৰ্তি এটা বেগ ।
বেগটো লৈ গৈ থকাৰ সময়তে নম্বৰ প্লেটবিহীন বাইকত অহা চাৰিজনীয়া দুষ্কৃতিকাৰীৰ দলে ব্যৱসায়ীজনক ক্ৰিকেট বেটেৰে গুৰুতৰভাৱে আঘাত কৰে আৰু বেগটো লৈ যায় । দুৰ্বৃত্তৰ কোবত ব্যৱসায়ীজনে মূৰ আৰু চকুত বেয়াকৈ আঘাত পায় বুলি জানিব পৰা গৈছে । আন্ধাৰৰ সুযোগ লৈ দুস্কৃতিকাৰীয়ে সংঘটিত কৰা এই ঘটনাৰ পিচতে নগৰবাসীয়ে নিৰাপত্তাহীনতাত ভুগিবলৈ ধৰিছে(Sensational Robbery Incident) ।
জানিব পৰা মতে, দুষ্কৃতিকাৰীয়ে লৈ যোৱা বেগটোত নগদ ১৬ লাখ টকা আছিল বুলি আৰক্ষীৰ আগত অৱগত কৰে মিহিৰে ।