Local, Vocal, Global

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ৪ জুন : শনিবাৰে গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য।

এটা নিৰ্মাণাধীন অট্টালিকাৰ ভিতৰত ভৰি বান্ধি থোৱা অৱস্থাত এজন ২৪ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মৃত যুৱকজন কামৰূপ জিলাৰ অন্তৰ্গত নগৰবেৰাৰ বাসিন্দা মিথুন দাস বুলি চিনাক্ত কৰা হৈছে।

তেওঁৰ পৰিয়ালৰ ভাষ্য আনুসৰি, মিথুন দাসে যোৱা সাত বছৰ ধৰি ওচৰৰ এটা ভৱনত সহায়ক হিচাপে কাম কৰিছিল । তেওঁলোকে আৰু দাবী কৰিছে যে মিথুনে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে কিয়নো তেওঁ এনে কঠোৰ পদক্ষেপ ল’বলৈ মানসিকভাৱে হতাশাগ্ৰস্ত নাছিল আৰু কৰ্তৃপক্ষক বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

তেওঁৰ পৰিয়ালৰ সদস্যসকলে বশিষ্ঠ আৰক্ষী থানাত হত্যাৰ এটা গোচৰ ৰুজু কৰিছে।

সম্প্ৰতি বশিষ্ঠ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত সাতজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে।