Local, Vocal, Global

Sensational Murder In Raha : কিমান নিষ্ঠুৰ হ’লে নিজৰ তিনি মহীয়া সন্তানক মৰিয়াই হত্যা কৰিব পাৰে পিতৃয়ে !

নিউজ ডেস্ক,২৯মে’ : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃ আৰু পিতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃ আৰু পিতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই পিতৃ আৰু মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে। কিন্তু সেই পিতৃয়ে যেতিয়া পাশৱিক হয় ! সেই পিতৃ আৰু মাতৃৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয় কোনে দিব সন্তানক নিৰাপত্তা।

সন্তানৰ লগত অনৈতিক কাম কৰোতে যেতিয়াই নকঁপে পিতৃৰ দুই হাত(Sensational Murder In Raha)।

মানুহ বাৰু ইমান নিষ্ঠুৰ হ’ব পাৰেনে! কিমান নিষ্ঠুৰ হ’লে নিজৰ তিনি মহীয়া সন্তানক মৰিয়াই হত্যা কৰিব পাৰে পিতৃয়ে ! এক জঘন্য ঘটনা সংঘটিত হৈছে এইখন অসমতে। পিতৃয়ে হত্যা কৰিলে সন্তানক।

এই গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে ৰহাৰ খাপলাংকুচিত। পিতৃয়ে মৰিয়াই মৰিয়াই হত্য়া কৰিলে এটি আঢ়ৈ মহীয়া সন্তানক । এই অভিযোগ উত্থাপন কৰিছে শিশুটিৰ মাতৃয়ে । পাষাণ পিতৃয়ে কান্দি থকা বাবেই হত্য়া কৰিলে দেৱশিশুটিক ।

ঘটনাৰ বিৱৰণি মতে, স্বৰাজ সেনাপতিৰ পত্নীয়ে আঢ়ৈ মহীয়া সন্তানটিক বিচনাত শুৱাই থৈ বাহিৰলৈ আহিছিল ফোন কৰিবলৈ । সেই সময়তে কেঁচুৱাটিয়ে কন্দাত পিতৃয়ে খঙৰ ভমকতেই সংঘটিত কৰিলে এই অঘটনটো ।

পিচত মাতৃ ওভতি আহি সন্তানৰ নিঠৰ দেহ আৰু আঘাতৰ চিন দেখি স্বামীক প্ৰশ্ন কৰাত স্বৰাজে স্বীকাৰ কৰে সন্তানক মৰিয়াই মৰা বুলি । লগে লগে কেঁচুৱাটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পিচত সন্তানৰ মৃতদেহ কোলাত লৈ মাতৃ উপস্থিত হয় ৰহা আৰক্ষী থানাত । ইয়াৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বৰাজ সেনাপতিক ।

লগতে পঢ়ক : Two killed, several injured after bus overturns due to overspeeding : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰিল পথত,নিহত দুজন যাত্ৰী,আহত কেইবাজনো