Local, Vocal, Global

Sensational murder in Golaghat : সুৰাপায়ী পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাবালক পুত্ৰই প্ৰাণ ল’লে পিতৃৰ

নিউজ ডেস্ক,২৩ ছেপ্টেম্বৰ : সুৰাপায়ী পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাবালক পুত্ৰই প্ৰাণ ল’লে পিতৃৰ ।

গোলাঘাট জিলাৰ ২ নং বনগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । সুৰাপায়ী পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাবালক পুত্ৰই প্ৰাণ ল’লে পিতৃৰ ।

কিশোৰজনৰ মাতৃয়ে অভিযোগ অনুসৰি, স্বামীয়ে নিতৌ সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰে । তেওঁৰ লগতে দুই পুত্ৰকো মাৰধৰ কৰে । দেওবাৰেও লোকজনে সুৰাপান কৰি আহে আৰু পত্নীৰ লগতে পুত্ৰক মাৰধৰ কৰে । স্বামীৰ এনে অত্যাচাৰত অতিষ্ঠ হৈ পৰে পুত্ৰ । চাহ বাগিচাৰ মাজতে প্ৰথমে ডিঙি চেপি ধৰে আৰু পিচত কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই পিতৃক হত্যা কৰে কিশোৰজনে(Sensational murder in Golaghat)।

সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । নিশা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে হত্যাৰ অভিযুক্ত কিশোৰজনক আৰক্ষীয়ে আটক কৰে ।

লগতে পঢক :All schools closed from tomorrow in guwahati : কাইলৈৰ পৰা বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান