Sensational Murder In Bokakhat : তিনি দিন উকলি যোৱাৰ পিছতো যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ হত্যাকাৰীক বিছাৰি নাপালে আৰক্ষীয়ে
নিউজ ডেস্ক,২৮মাৰ্চ : তিনি দিনে যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ হত্যাকাৰীক বিছাৰি নাপালে আৰক্ষীয়ে । কাৰ্বি জনগোষ্ঠীয় শতাধিক লোকৰ প্ৰতিবাদত কঁপিল বোকাখাত থানা
শতাধিক কাৰ্বি জনগোষ্ঠীয় লোকৰ প্ৰতিবাদত কঁপিল বোকাখাত আৰক্ষী থানা। ঘটনাৰ তিনিটাকৈ দিন ওকলি যোৱাৰ পিছতো বোকাখাত-কাৰ্বিআংলং সীমান্তৰ কাকচাংত দেওবাৰে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে বোকাখাত আৰক্ষীয়ে। দোষীক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীৰ বিৰুদ্ধে আজি পুনৰ শ শ কাৰ্বি ৰাইজে বোকাখাত আৰক্ষী থানাৰ সমুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Sensational Murder In Bokakhat)।
হোলীৰ আনন্দ-উল্লাহৰ মাজতে দেওবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছিল বোকাখাত-কাৰ্বিআংলং সীমান্তৰ কাকচাং। নিজৰ AS-09-5343 নম্বৰৰ বাহন খনৰ ভিতৰতে ডিঙি ৰেপি পেলায় থৈ যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৰয়েল ৰংহাং নামৰ যুৱ ব্যৱসায়ী জনৰ মৃতদেহ।
যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ মৃতদেহ উদ্ধাৰৰ পাছত দেওবাৰে নিশাই বোকাখাত-কাৰ্বিআংলং সীমান্তৰ কাকচাংত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, কাৰ্বি ষ্টুডেণ্ট এচ’চিয়েচনৰ নেতৃত্বত শ শ পুৰুষ মহিলাই অতি শাঘ্ৰেই দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী তলিছিল বোকাখাত আৰক্ষীক।
কিন্তু নৃশংস হত্যাকাণ্ডৰ ৩ টাকৈ দিন অতিক্ৰম কৰাৰ পাছতো বোকাখাত আৰক্ষীয়ে হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত আজি পুনৰ বোকাখাত থানাৰ সন্মুখত বহি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ-শ কাৰ্বি জনগোষ্ঠীয় ৰাইজে।
লগতে পঢ়ক : Sensational Murder In Bokakhat : গাড়ীৰ ভিতৰতে ডিঙি কাটি হত্যা যুৱকক