Sensational Murder In Barpeta :নিচাসক্ত ভাগিনৰ খবৰ লবলৈ আহি ভাগিনৰ হাততে প্ৰাণ গল মামীয়েকৰ

নিউজ ডেস্ক,৩০মাৰ্চ : নিচাসক্ত ভাগিনৰ খবৰ লবলৈ আহি ভাগিনৰ হাততে প্ৰাণ গল মামীয়েকৰ ।মামীয়েকক হত্যা কৰি কেমেৰাৰ সমুখত শিহৰণকাৰী বৰ্ণনা হত্যাকাৰীৰ(Sensational Murder In Barpeta)।
ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক লোমহৰ্ষক হত্যাকাণ্ড। নিচাসক্ত ভাগিনৰ খবৰ ল’বলৈ আহি প্ৰাণ গ’ল মামীয়েকৰ। বৰপেটা হাউলীৰ মৌটুপুৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। ভাগিন মনোজ বৰুৱাই দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে ৩৬ বছৰীয়া মামীয়েক ববিতা দাসক।
জানিব পৰা মতে ড্ৰাগছ আসক্ত ভাগিনিয়েকৰ খবৰ লবলৈ আহিছিল মামীয়েক ববিতা দাস। খবৰ লবলৈ অহাৰ সময়তে মামীয়েকক দাৰে ঘপিয়াই হত্যা কৰে ভাগিন মনোজ বৰুৱাই। পৰৱৰ্তী সময়ত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ভাগিনীয়েক মনোজ বৰুৱাৰ ঘৰৰ বাৰাণ্ডাত উদ্ধাৰ হয় মামীয়েক ববিতা দাসৰ উলংগ মৃতদেহ(Sensational Murder In Barpeta)।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱৰা লগে লগে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত।
উল্লেখ্য যে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰা মনোজ বৰুৱাক বৰপেটা সত্ৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পাছতে কেমেৰাৰ সমুখত শিহৰণকাৰী বৰ্ণনা হত্যাকাৰীয়ে।
মাত্ৰ কেইবছৰমান পূৰ্বে স্বামীক হেৰুৱা ববিতা দাসে ইহসংসাৰত এৰি থৈ গৈছে দুটি কণমানী সন্তান। হাউলীৰ মৌটুপুৰীত সংঘটিত এই বৰ্বৰ তথা লোমহৰ্ষক হত্যা কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য।
লগতে পঢ়ক : Thieves terrorise in Guwahati : মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ সন্ত্ৰাস