Local, Vocal, Global

Sensational Kidnapping in Guwahati : মহানগৰীৰ পৰা অপহৰণ বহিঃৰাজ্যৰ পৰ্যটকক

নিউজ ডেস্ক,১০জুলাই : গুৱাহটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মহানগৰীৰ পৰা অপহৰণ বহিঃৰাজ্যৰ পৰ্যটকক।

জালুকবাৰীৰ ফ্লাই অভাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোৱালপাৰা ৰংজুলিৰ এগৰাকী যুৱতী আৰু বাংগালোৰৰ এগৰাকী যুৱকক অপহৰণ চাৰিজনীয়া দুৰ্বৃত্তৰ দলৰ(Sensational Kidnapping in Guwahati)।

কামৰূপ জিলা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ দুই অপহৃত যুৱক-যুৱতী। অপহৰণকাৰী দলটোৰ তিনি অপহৰণকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। AS-01-QC-9447 নম্বৰৰ চুইফট ডিজায়াৰ বাহনেৰে দুৰ্বৃত্তৰ দলটোৱে সংঘটিত কৰিছিল অপহৰণকাণ্ড। অপহৰণকাৰী দলটোৰ বিৰুদ্ধে চলোৱা অভিযানত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ আৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Theft in Sonari : সোণাৰিত পুনৰ চুৰিকাণ্ড