Local, Vocal, Global

Sensational Incident in JMCH : নিয়তিৰ নিষ্ঠুৰ সিদ্ধান্ত;নিয়তিয়ে বিচৰা হ’লেই আজি এবছৰত ভৰি দিলেহেঁতেন আয়ূশ্ৰীয়ে

যোৰহাট,১১জুলাই : আজি কণমানি আয়ূশ্ৰীৰ ওপজাদিন । নিয়তিয়ে বিচৰা হ’লেই আজি এবছৰত ভৰি দিলেহেঁতেন আয়ূশ্ৰীয়ে। পিছে নিয়তিৰ নিষ্ঠুৰ সিদ্ধান্ত ।

জন্মদিনৰ এদিন পূৰ্বে সকলোকে কন্দুৱাই গুচি গ’ল কণমানী আয়ুশ্ৰী। মাত্ৰ এটা বেজীয়ে পিতৃ-মাতৃৰ বুকু শুদা কৰি চিৰদিনৰ বাবে আঁতৰাই নিলে আয়ূশ্ৰীক । শেষকৃত্য সম্পন্ন কৰা স্থলীত জন্মদিনৰ কেক কাটি শিশুটিক শেষ মৰম জনালে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।

যোৰহাট মেডিকেলত মৃত্যু হোৱা কণমানি আয়ূশ্ৰীৰ আজি জন্মদিন। কণমানীজনীৰ জন্মদিনটোত চিঞৰি চিঞৰি কান্দিছে পিতৃ-মাতৃয়ে। মাক-দেউতাকৰ হেঁপাহ আছিল উলহ-মালহেৰে কণমানিজনীৰ জন্মদিন উদযাপন কৰাৰ। কিন্তু বুধবাৰে আকস্মিকভাৱে JMCHত মৃত্যু হ’ল কণমানিজনীৰ(Sensational Incident in JMCH)।

উল্লেখ্য যে ৪ দিন পূ্ৰ্বে জ্বৰত আক্ৰান্ত হোৱাৰ বাবে যোৰহাটৰ সুৱনি গাঁৱৰ মঞ্জিত দাস আৰু শিবাণী দাসৰ ১১ মহীয়া কণ্যা সন্তান আয়ূশ্ৰীক ভৰ্তি কৰোৱা হৈছিল যোৰহাট মেডিকেল কলেজত। যোৰহাট মেডিকেলত চিকিতসাধীন অৱস্থাতেই কৰুণ মৃত্যুক সাৱটিলে কণমানী আয়ূশ্ৰীয়ে। নাৰ্ছে বেজী দিয়াৰ পিছতে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ ঘটিল কোনেও নিবিচৰা সেই আকস্মিক তথা অনাকাংক্ষিত ঘটনা।

নিয়তিয়ে বিচৰা হ’লেই আজি এবছৰত ভৰি দিলেহেঁতেন যোৰহাটৰ দুৰ্ভগীয়া কণমানিটিৱে ৷ পিছে নিয়তিৰ নিষ্ঠুৰ সিদ্ধান্ত ৷ মাত্ৰ এটা বেজীয়ে পিতৃ-মাতৃৰ বুকু শুদা কৰি চিৰদিনৰ বাবে আঁতৰাই নিলে দুৰ্ভগীয়া আয়ূশ্ৰীক৷ যাৰ বাবে আয়ুশ্ৰীৰ জন্মদিন পালন কৰাৰ সলনি পিতৃ-মাতৃয়ে কৰিবলগীয়া হ’ল অন্তিম সংস্কাৰৰ সকলো নীতি-নিয়ম ৷

বহু হেঁপাহেৰে সন্তানৰ এবছৰীয়া জন্মদিনটো ধুমধামেৰে উদযাপন কৰাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পৰিয়ালটোৱে প্ৰয়াত শিশুটিৰ পিতৃ-মাতৃয়ে বৃহস্পতিবাৰে কান্দি কান্দি অন্তিম সংস্কাৰৰ সকলো নিয়ম সম্পূৰ্ণ কৰাৰ পিচত সমাধিস্থলীতে কান্দি কান্দি কেক কাটি পিতৃ-মাতৃয়ে পালন কৰিলে জন্মদিন। শেষকৃত্য সম্পন্ন কৰা স্থলীতে জন্মদিন উপলক্ষে পিতৃ-মাতৃয়ে কেক আৰু গাখীৰ লৈ নিজ কন্যা সন্তানটিলৈ শেষ মৰম জনোৱা দৃশ্যই মৰ্মাহত কৰিছে সকলোকে।

লগতে পঢ়ক : AICC General Secretary Jitendra Singh To Visit Assam : তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং