Sensational incident: নিজ বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

নিউজ ডেস্ক,২৭ডিচেম্বৰ : লামডিঙত চাঞ্চল্যকৰ ঘটনা। পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ কিশোৰীৰ মৃতদেহ ৷ চিপ লৈ থকা অৱস্থাত ৰান্ধনীশালত উদ্ধাৰ কিশোৰীগৰাকীৰ মৃতদেহ ৷
মৃত কিশোৰগৰাকীৰ নাম ৰাজ দাস বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷
উল্লেখযোগ্য যে পুৱাৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে এই চৰম সিদ্ধান্ত বাছি লয় কিশোৰগৰাকীয়ে ৷ কিয় আৰু কিহৰ বাবে এইধৰণৰ চৰম সিদ্ধান্ত ল’বলগীয়া হ’ল তাৰ কোনো উত্তৰ এতিয়ালৈকে আৰক্ষী তথা পৰিয়ালৰ লোকে জানিব পৰা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে(Sensational incident)৷
লগতে পঢ়ক :Deadbody recovered in Guwahati :হেঙেৰাবাৰীত চৰকাৰী আৱাস গৃহৰ পৰা উদ্ধাৰ দ্বীজেন দাসৰ মৃতদেহ