Local, Vocal, Global

Sensational incident: প্ৰেমিকাই কাটিলে প্ৰেমিকৰ গুপ্তাংগ

নিউজ ডেস্ক,২৪ডিচেম্বৰ : এগৰাকী যুৱতীয়ে প্ৰতিশোধ ল’বলৈ বাছি ললে ভয়ংকৰ কাণ্ড। প্ৰেমত প্ৰতাৰণা কৰাৰ কাৰণে প্ৰেমিকক হোটেলত মাতি নি একেবাৰে দুই টুকুৰা কৰিলে প্ৰেমিকৰ গুপ্তাংগ(Sensational incident)।

ঘটনা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ। ৮ বছৰে প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো প্ৰেমিক যুৱকে আন এগৰাকী ছোৱালীৰ সৈতে বিবাহ পাষত আৱদ্ধ হোৱাৰ বাবে যো জা চলাই আছিল। এই খবৰ যুৱতীগৰাকীয়ে লাভ কৰাৰ পাছতেই প্ৰেমিক যুৱকক হোটেলত মাতি আনে। প্ৰেমিকা যুৱতী আগৰে পৰাই প্লেনিং কৰি আছিল আৰু লগত লৈ আহিছিল তীক্ষ্ণ চুৰি । প্ৰেমিক যুৱক হোটেলত উপস্থিত হোৱাৰ পাছতেই দুয়োৰে মাজত কথাৰ বাক যুদ্ধ চলে ।

তেনেতে যুৱতী গৰাকীয়ে চুৰি ওলিয়াই কাটি দিয়ে গুপ্তাংগ। গুপ্তাংগ কটাৰ সময়ত যুৱতীগৰাকীও হাতৰ নখত আঘাত পায়। ইতিমধ্যে আৰক্ষীয়ে যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰিছে।

ইফালে যুৱকজনক সংকটজনক অৱস্থাত চিকিসালয়ত নিয়া হয়। ৮ বছৰ প্ৰেম কৰাৰ পাছতো অন্য যুৱতীক বিয়া পাতিবলৈ লোৱাক লৈ অগ্নিশৰ্মা হৈ যুৱতী গৰাকীয়ে এনে ভয়ংকৰ কাণ্ড কৰে বুলি জানিব দিয়ে।

লগতে পঢ়ক :Filmmaker Shyam Benegal passes away:যশস্বী চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ দেহাৱসান