Local, Vocal, Global

Sensational Incident : মাজনিশা ঘৰৰ পৰা মাতি নি নৃশংসভাৱে হত্যা ৰাজমিস্ত্ৰীক

কৰিমগঞ্জ, ২মে ‘ : মাজনিশা ঘৰৰ পৰা মাতি নি নৃশংসভাৱে হত্যা ৰাজমিস্ত্ৰীক । হত্যাকাণ্ড সংঘটিত কৰি পথাৰত পেলাই থৈ গ’ল ৰক্তাক্ত মৃতদেহ ।

হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড। বুধবাৰে নিশা কৰিমগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

জানিব পৰা মতে,বুধবাৰে নিশা প্ৰায় ১২ মান বজাত কোনো অজ্ঞাত লোকে ফোন কৰি ঘৰৰ পৰা মাতি নিয়ে হুছেইন আহমেদক নামৰ এজন লোকজনক। নিশা ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা ঘৰলৈ ওভতি নহা হুছেইন আহমেদ । তাৰ পিছতে বৃহস্পতিবাৰে পুৱা ভাগত ৰক্তাক্ত অৱস্থাত ঘৰৰ কাষৰে পথাৰত পৰি থকা অৱস্থাত প্ৰত্য়ক্ষ কৰে কৰে হুছেইন মৃতদেহ । ইয়াৰ পিছত গাঁৱখনত সৃষ্টি হয় হুলুস্থুলীয়া পৰিবেশ।

ঘটনাৰ সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষীৰ বাবে প্ৰেৰণ কৰে ।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ঘৰৰ পৰা হুছেইন আহমেদক মাতি নি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ভয়ংকৰ হত্যাকাণ্ডটো কোনো আৰু কিয় সংঘটিত কৰিলে । আৰক্ষীৰ তদন্ত অন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা । বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত।

লগতে পঢ়ক : Girl Goes Missing From Dhing : ধিঙৰ পৰা নিৰুদ্দেশ দুই কিশোৰী