Sensational incident: সাৱধান! আপোনাৰ ঘৰতো বনকৰা যুৱতী আছে নেকি ?
নিউজ ডেস্ক,২৭নৱেম্বৰ : দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা । বনকৰা যুৱতীয়ে প্ৰেমিকৰ সৈতে মিলি গৃহস্থৰ পৰা লুটিলে ৬ লাখকৈ টকা। দুলীয়াজানত এগৰাকী বনকৰা যুৱতীয়ে অসম গেছ কোম্পানী লিমিটেডৰ এইগৰাকী কৰ্মচাৰীৰ পৰা প্ৰায় ৬ লাখ টকা হৰলুকি কৰা কথা পোহৰলৈ আহিছে। দুলীয়াজানৰ অসম গেছ কোম্পানী লিমিটেডৰ কৰ্মচাৰী তথা D/S/E 61 নম্বৰ বাসগৃহৰ বিমল বিশ্বাসৰ ঘৰত এইগৰাকী যুৱতী আঠ মাহ ধৰি বনকৰা হিচাপে কাম কৰি আছিল। প্ৰথম প্ৰথমে যুৱতী গৰাকীয়ে মিঠা মিঠা কথাৰে ঘৰৰ মালিকক নিজকে ভদ্ৰ যুৱতী বুলি একপ্ৰকাৰ বুজাই দিছিল।
যুৱতী গৰাকীৰ ব্যৱহাৰ আৰু কথাত ভুল গৈ ঘৰৰ সকলো দায়িত্ব এৰি দিছিল বিমল বিশ্বাসে। বিমল বিশ্বাসৰ সহজ সৰলতাক অস্ত্ৰ হিচাপে লৈ প্ৰেমিকৰ লগত মিলি ৰছিচিল ডকাইতিৰ কাহিনী। প্ৰথমে Google Pay আৰু পিছত ATM Card ৰ সহায়ত বনকৰা যুৱতী গৰাকীয়ে প্ৰেমিক অমন শ্ৰী বাস্তৱৰ সৈতে মিলি প্ৰায় ৬ লাখ টকা হৰলুকি কৰে(Sensational incident)।
৬ লাখ টকা হৰলুকি কৰি দুয়ো গৈছিল ফুৰিবলৈ।
ইফালে ভুক্তভোগী বিমল বিশ্বাসে ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুই প্ৰেমিক প্ৰেমিকাক । ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে বনকৰা যুৱতীগৰাকীৰ সৈতে অভিযুক্ত প্ৰেমিকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । এই ঘটনাই দুলীয়াজানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সেয়েহে বনকৰা যুৱতীক ঘৰৰ সকলো দায়িত্ব এৰি নিদিব নহলে আপোনাকো এনেদৰে সৰ্বহাৰা কৰিব।