Sensational incident: মানকাচৰত দাও দাওকৈ জ্বলি উঠিল চলন্ত মাৰুতী ৮০০
হাটশিঙিমাৰী,২৬নৱেম্বৰ : মানকাচৰত দাও দাওকৈ জ্বলি উঠিল চলন্ত মাৰুতী ৮০০। কোনো মতে প্ৰাণৰক্ষা বাহনৰ চালক।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ কালোঘাটত ৰাস্তাৰে আহি থকা অৱস্থাত ML 07B 4498 নম্বৰৰ মাৰুতী ৮০০ গাড়ীত হঠাৎ ইঞ্জিন গৰম হৈ জুইৰ সূত্ৰপাত হয় । চালক গৰাকীয়ে জুই প্ৰত্যেক্ষ কৰি ততাতৈয়াকৈ বাহনখন ৰখাই বাহনখনৰ পৰা ওলাই যায় । ৰাস্তাতে লাহে লাহে বাহনখনত দাউ দাউকৈ জুই জ্বলি উঠে। ফলত কালোঘাটত এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ অগ্নিনিৰ্বাক বাহিনীক খৰৰ দিয়ে(Sensational incident)।
অগ্নিনিৰ্বাক বাহিনীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জ্বলি থকা গাড়ীৰ জুই নুমাবলৈ সক্ষম হয় যদিও বাহনখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।
জানিব পৰা মতে গাড়ী চালক গৰাকী ভয়তে আতংকিত হৈ গাড়ী ৰাখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
লগতে পঢ়ক:Road Accident in Bilasipara: এক ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাণ গ’ল একাদশ শ্ৰেণীৰ ছাত্ৰৰ