Sensational incident:দিখৌ দলঙৰ পৰা নদীত জাঁপ দিলে প্ৰেমিক-প্ৰেমিকাই

নিউজ ডেস্ক,২৩নৱেম্বৰ : শিৱসাগৰ নাজিৰাত চাঞ্চল্যকৰ ঘটনা। নাজিৰাৰ দিখৌ দলঙৰ পৰা নদীত জাঁপ দিলে প্ৰেমিক-প্ৰেমিকাই।
এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰাৰ সময়ত প্ৰেমিক-প্ৰেমিকা হালে নদীত জাপ দিয়া প্ৰত্যক্ষ কৰে একাংশই।লগে লগে তৎপৰতাৰে উদ্ধাৰ কৰে দুয়োকে(Sensational incident)।
জানিব পৰা মতে,বিয়াৰ বাবে পৰিয়ালে সন্মতি দিয়া নাছিল দুয়োকে যাৰ বাবেই জাপ দিছিল প্ৰেমিক-প্ৰেমিকাহালে। প্ৰেমিকৰ ঘৰ নামতিত আৰু প্ৰেমিকাৰ ঘৰ হাঁহচৰাত বুলি জানিব পৰা গৈছে। বৰ্তমান দুয়ো সুস্থ বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :Assam By-election Results 2024:বিহালীত অন্ত তৃতীয় পৰ্যায়ৰ ভোটগণনা