Sensational Incident:গুৱাহাটী মহানগৰীৰ ভাস্কৰ নগৰত মহিলাক হানি-খুঁচি হত্যা
নিউজ ডেস্ক,১৯নৱেম্বৰ : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই শাহুৱেই হত্য়া কৰিলে বোৱাৰীয়েকক ।
হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ গুৱাহাটী মহাগৰীত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
গুৱাহাটী মহানগৰীৰ ভাস্কৰ নগৰত মহিলাক হানি-খুঁচি হত্যা৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যা মহিলাগৰাকীক৷
জানিব পৰা মতে,কৰ্মসূত্ৰে মহিলাগৰাকীৰ স্বামী বহিঃৰাজ্যত থাকে৷ মহিলাগৰাকীৰ শাহুৰ সৈতে হৈছিল কাজিয়া৷ এই সংঘাতৰ পৰিণতিতে নাজমা খাতুনক হত্যা কৰাৰ সন্দেহ৷
বৰ্তমান ঘটনা সন্দৰ্ভত হাছিনা বেগম নামৰ মহিলাগৰাকীক আটক কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক:Sensational incident: লামডিংৰ কছাৰী বস্তিত উদ্ধাৰ নৰকংকাল