Sensational incident: স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা পত্নীৰ বিৰুদ্ধে

নিউজ ডেস্ক,২৬অক্টোবৰ : স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা পত্নীৰ বিৰুদ্ধে।
জোনাইৰ লুহিজান গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
অভিযোগ অনুসৰি,জোনাইৰ লুহিজান গাৱঁৰ মহিলা এগৰাকীয়ে প্ৰথমে গোগামুখৰ ভূৱন কোঁৱৰলৈ বিয়া হৈছিল ৷ কিন্ত বিয়াৰ কেইবাবছৰৰ পিছত স্বামীক এৰি অন্য এগৰাকী পুৰুষৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হয়। দ্বিতীয় স্বামীৰ গৃহত থাকিব নোৱাৰি মহিলাগৰাকীয়ে পিতৃগৃহ জোনাইৰ লুহিজান গাঁৱলৈ উভতি আহে ৷
এনেতে মহিলাগৰাকীৰ প্ৰথম স্বামী গোগামুখৰ ভূৱন কোঁৱৰে জোনাইৰ পিতৃগৃহত থকা পত্নীক ওভতাই নিবলৈ অহাৰ সময়তে বুধবাৰে মহিলাগৰাকীৰ পিতৃগৃহৰ এজোপা গছত ওলমি থকা অৱস্থাত ৰাইজে দেখা পাই আৰক্ষীক খবৰ দিয়ে ৷
কিন্তু মহিলাগৰাকীয়ে আত্মীয়ৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি ঘৰৰ পিছফালে থকা এজোপা গছত ওলমাই ৰাখি আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলিছে লোকজনৰ আত্মীয়ৰ লগতে স্থানীয় ৰাইজে(Sensational incident)।
ইফালে, ঘটনা সন্দৰ্ভত প্ৰথম স্বামীৰ পৰিয়ালে জোনাই থানাত এজাহাৰ দাখিল কৰাৰ পিছতে জোনাইত আৰক্ষীয়ে c/105/24 u/s 61(2)/103(1)/3(5)BNS নম্বৰ গোচৰ ৰুজু কৰি শুক্ৰবাৰে মহিলাগৰাকীসহ দুজনক গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰি আছে ।
লগতে পঢ়ক :Fire Break Out in Dergaon: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহ